দেশৰ কলা, সংস্কৃতি আৰু ঐতিহ্যৰ অন্যতম বৃহৎ কৰ্পৰেট প্ৰচাৰক জেএছডব্লিউ গ্ৰুপে অসম চৰকাৰৰ সৈতে অংশীদাৰিত্বৰে গুৱাহাটীত এটা অত্যাধুনিক সংগ্ৰহালয় স্থাপন কৰিব। বিশ্ব মানদণ্ডৰ সংগ্ৰহালয়টোত সপ্তদশ শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নিৰ্দেশনাত সৃষ্টি কৰা আৰু বৰ্তমান লণ্ডনৰ ব্ৰিটিছ সংগ্ৰহালয়ত সংৰক্ষিত হৈ থকা বৃন্দাবন বস্ত্র প্ৰদৰ্শন কৰা হ’ব। ব্ৰিটিছ মিউজিয়ামে ২০২৬–২৭ চনত অসমত ৰাজহুৱা প্ৰদৰ্শনীৰ বাবে বৃন্দাবনী বস্ত্ৰখন ঋণৰ ৰূপত দিবলৈ সন্মতি দিছে, যিখন অসমত প্ৰায় ১৮ মাহ থাকিব। অসম চৰকাৰে সংগ্ৰহালয় নিৰ্মাণৰ বাবে গুৱাহাটীৰ খানাপাৰাৰ চেৰিকালচাৰ ফাৰ্ম(ৰেচম নগৰ)ত ভূমি আবণ্টন কৰিছে, ইয়াৰ বাবে সম্পূৰ্ণৰূপে জেএছডব্লিউ গ্ৰুপে পুঁজি যোগান ধৰিব। জেএছডব্লিউ ফাউণ্ডেচনৰ অধ্যক্ষা সংগীতা জিন্দালে এই বিষয়ে সদৰি কৰি কয় যে, “জেএছডব্লিউ গ্ৰুপে গুৱাহাটী মহানগৰীত এক স্থায়ী বিশ্বমানৰ সাংস্কৃতিক প্ৰতিষ্ঠান সৃষ্টিৰ লগতে বৈশ্বিক মানদণ্ডৰ অধীনত বস্ত্ৰখনক সুৰক্ষিত কৰিব পৰা এক উপযুক্ত সংগ্ৰহালয় নিৰ্মাণত অসম চৰকাৰৰ সৈতে অংশীদাৰিত্ব কৰিবলৈ পাই অতিশয় গৌৰৱান্বিত।” উল্লেখ্য যে, বস্ত্ৰখনৰ দৈৰ্ঘ্য প্ৰায় ৯.৫ মিটাৰ আৰু প্ৰস্থ দুই মিটাৰ, এই বস্ত্ৰখন যুগটোৰ আটাইতকৈ পুৰণি জীৱন্ত ভক্তিমূলক ৰেচম বস্ত্ৰসমূহৰ ভিতৰত অন্যতম। প্ৰস্তাৱিত সংগ্ৰহালয়টোৰ স্থপতি আবিন চৌধুৰীয়ে এই বিষয়ে প্ৰথম অনুভৱ ব্যক্ত কৰি কয় যে, “আমাৰ দৃষ্টিভংগী হৈছে এনে এক স্থান সৃষ্টি কৰা যি ভক্তি আৰু আধুনিকতাক সন্তুলিত কৰে-য’ত স্থাপত্যই নিজেই সৰ্বাধিক সংৰক্ষণ সুবিধা প্ৰদান কৰাৰ লগতে বস্ত্ৰখনৰ ভক্তিমূলক সাৰমৰ্মৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।” ৰাজ্যবাসীৰ দীৰ্ঘদিনীয়া সাংস্কৃতিক আকাংক্ষা বাস্তৱায়িত কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে জে এছ ডব্লিউ গ্ৰুপৰ দায়বদ্ধতাক আদৰণি জনাই শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই পদক্ষেপৰ কথা ঘোষণা কৰে। Share this:FacebookX Related Post navigation পূব ভাৰতৰ বৃদ্ধি আচবাব আৰু মেট্ৰেছৰ বজাৰখন মুকলি কৰিবলৈ কলকাটাউড ২০২৫ এক্স হেণ্ডেলত দিয়া এটা পোষ্টেে অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে