অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত সংঘটিত এক মৰ্মান্তিক হত্যাকাণ্ডক কেন্দ্ৰ কৰি শনিবাৰে অসম-অৰুণাচল সীমান্তত সৃষ্টি হয় এক উত্তপ্ত পৰিৱেশৰ। অসমৰ চৰাইদেউ জিলাৰ বগৰীবাৰীৰ ২০ বছৰীয়া যুৱক ৰাজু ভূঞাক তেওঁৰ সহকৰ্মীয়ে চুৰিকাঘাত কৰি নিৰ্মমভাৱে হত্যা কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। এই হত্যাকাণ্ডৰ প্ৰতিবাদত সদৌ আদিবাসী ছাত্ৰ সন্থা (আছা)ই মাৰ্ঘেৰিটাত পথ অৱৰোধ কৰি অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰে।

ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা ২২ ফেব্ৰুৱাৰীত চাংলাঙৰ ৯ মাইলৰ ‘তুহী ভেনিয়াৰ মিল’ নামৰ এটা প্লাইউড উদ্যোগৰ শ্ৰমিক আৱাসত এই নৃশংস কাণ্ড সংঘটিত হৈছিল। অভিযুক্ত আদিত্য ৰয়ে নিশা শোৱাপাটীতে ৰাজুৰ বুকুত হেংদাং সদৃশ চোকা অস্ত্ৰৰে আঘাত কৰি থিতাতে হত্যা কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আৰক্ষীৰ ভূমিকা আৰু তদন্তৰ মন্থৰ গতিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি আছাই আজি শ শ সমৰ্থকৰ সহযোগত আন্তঃৰাজ্যিক পথছোৱা স্তব্ধ কৰি দিয়ে।

প্ৰতিবাদকাৰীসকলে অভিযুক্ত আদিত্য ৰয়ক অতি সোনকালে কৰায়ত্ত কৰাৰ লগতে ভুক্তভোগী পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিবলৈ মিল মালিকক দাবী জনাইছে। কেইবা ঘণ্টা ধৰি চলা এই পথ অৱৰোধৰ ফলত অসম আৰু অৰুণাচল সংযোগী পথৰ দুইয়োকাষে শ শ যান-বাহন আৱদ্ধ হৈ পৰে। আছাৰ স্পষ্ট হুংকাৰ যে যেতিয়ালৈকে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা নহয়, তেতিয়ালৈকে তেওঁলোকৰ এই আন্দোলন অব্যাহত থাকিব। বৰ্তমানো ঘটনাস্থলীত আৰক্ষী মোতায়েন কৰা হৈছে যদিও পৰিস্থিতি এতিয়াও উত্তেজনাপূৰ্ণ হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *