অন্ত পৰিল অসমৰ ফুটবল জগতৰ এটা সোণালী অধ্যায়ৰ। শনিবাৰে পুৱা গুৱাহাটীৰ কাহিলীপাৰাস্থিত নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে কিংবদন্তি ফুটবলাৰ গিলবাৰ্টচন চাংমাই। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭১ বছৰ। ৭০ আৰু ৮০ৰ দশকত নিজৰ অসাধাৰণ আক্ৰমণাত্মক শৈলীৰে ৰাজ্যৰ ফুটবলক এক অনন্য উচ্চতালৈ লৈ গৈছিল এইগৰাকী খেলুৱৈয়ে। ১৯৫৫ চনৰ ২১ এপ্ৰিলত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা চাংমা আছিল ৰাজ্যৰ ফুটবল ইতিহাসৰ এজন বিৰল প্ৰতিভা। ১৯৭৫ চনত ভাৰতীয় জ্যেষ্ঠ ৰাষ্ট্ৰীয় দলক প্ৰতিনিধিত্ব কৰি ইণ্ডোনেছিয়া আৰু থাইল্যান্ডৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বপূৰ্ণ মেচত অংশ লৈছিল তেওঁ। ঘৰুৱা ফুটবলত প্ৰায় ১৭ বছৰ কাল অসম আৰক্ষী আৰু অসম দলৰ হৈ খেলি এক সুকীয়া পৰিচয় দাঙি ধৰিছিল এইগৰাকী খেলুৱৈয়ে। গিলবাৰ্টচন চাংমাৰ খেলুৱৈ জীৱনৰ আটাইতকৈ স্মৰণীয় মুহূৰ্তটো আছিল ১৯৮১ চনৰ বৰদলৈ ট্ৰফীৰ ফাইনেল। সেই ঐতিহাসিক খেলখনত ডেম্প’ এছ চিৰ বিৰুদ্ধে তেওঁ কৰা নিৰ্ণায়ক গ’লটোৱেই অসম আৰক্ষীক চেম্পিয়নৰ খিতাপ জয় কৰাত সহায় কৰিছিল। ইয়াৰ পূৰ্বে ১৯৭৪-৭৫ বৰ্ষৰ সন্তোষ ট্ৰফীত চাংমাৰ গ’লৰ সহায়তেই অসমে ডিফেণ্ডিং চেম্পিয়ন কেৰালাক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল। শক্তিশালী শ্বুটিং আৰু অপৰিসীম ষ্টেমিনাৰ বাবে চাংমাক অসমৰ শ্ৰেষ্ঠ ফুটবলাৰসকলৰ এজন হিচাপে গণ্য কৰা হয়। তেওঁৰ বিয়োগত ক্ৰীড়া জগতত এক বিশাল শূন্যতাৰ সৃষ্টি হৈছে। Share this:FacebookX Related Post navigation সংসদত হুলস্থূল কৰিবলৈ নহয়, এক ইতিবাচক প্ৰভাৱ পেলাবলৈহে যাওঁঃ ৰাঘৱ চাড্ডা এআই-প্ৰযুক্তিৰে সৃষ্টি কৰা ভুৱা ভিডিঅ’ক লৈ উত্তপ্ত গুৱাহাটী; বিজেপিৰ বিৰুদ্ধে এজাহাৰ দাখিল কুংকী চৌধুৰীৰ