বাংগালুৰুত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় পিকলবল চেম্পিয়নশ্বিপত অভূতপূৰ্ব প্ৰদৰ্শনেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অসমৰ মহিলা খেলুৱৈসকলে। এই প্ৰতিযোগিতাত অসমৰ মহিলা খেলুৱৈসকলে দুটা ঐতিহাসিক স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়। খেলুৱৈসকলৰ এই পাৰদৰ্শিতা ৰাজ্যখনৰ বাবে এক উল্লেখযোগ্য কৃতিত্ব হিচাপে চিহ্নিত হৈছে। উল্লেখ্য যে, ১৩ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ বাংগালুৰুত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পিকলবল চেম্পিয়নশ্বিপত অসমৰ ২৫ জনীয়া দলে অংশ লয়। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয় আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ স্বীকৃতিপ্ৰাপ্ত ইণ্ডিয়ান পিকলবল এছ’চিয়েশ্যনৰ অধীনত কৰ্ণাটক পিকলবল এছ’চিয়েশ্যনে এই প্ৰতিযোগিতাৰ আয়োজন কৰে। প্ৰতিযোগিতাখনিত সমগ্ৰ দেশৰ পৰা ১১০০ গৰাকী খেলুৱৈয়ে ১২ বছৰ অনুৰ্দ্ধৰ পৰা ৭০ বছৰ উৰ্দ্ধলৈকে বিভিন্ন শাখাত দলগত ইভেণ্ট আৰু ব্যক্তিগত মুকলি ইভেণ্টত ৰাষ্ট্ৰীয় খিতাপৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। Share this:FacebookX Related Post navigation ৰাৱালপিণ্ডিত জয়ৰে শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলা দখল পাকিস্তানৰ আজি জুবিন বিহীন প্ৰথমটো জন্মদিন