ছত্তীশগড়ৰ ৰায়পুৰত অনুষ্ঠিত সপ্তম এম এম এ অৰ্থাৎ মিক্সড মাৰ্চিয়েল আৰ্টছ ইণ্ডিয়া নেচনেল চেম্পিয়নশ্বিপ ২০২৪ত টিম অসমে মুঠ ১৭ টা পদক অৰ্জন কৰিছে। এই পদকৰ ভিতৰত আছে ৭ টা সোণ, ৫ টা ৰূপ আৰু ৪ টা ব্ৰঞ্জৰ পদক। ৮-১২ মে’ত অনুষ্ঠিত এই চেম্পিয়নশ্বিপত দেশৰ ২৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৬০০ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে। খেলুৱৈসকলক ভাৰতত সমাগত এছিয়ান এণ্ড ৱৰ্ল্ড চেম্পিয়নশ্বিপ ২০২৪ত প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচন কৰা হৈছে। Share this:FacebookX Related Post navigation আইপিএলৰ প্লে অফৰ পৰা বাহিৰ গুজৰাট টাইটানছ আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰৰ ঘোষণা সুনীল ছেত্ৰীৰ