অসমৰ ভৌগোলিক অস্তিত্ব আৰু জনগাঁথনিক লৈ এক ভয়ংকৰ ভৱিষ্যদ্বাণী কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। চুবুৰীয়া দেশৰ লোকৰ সংখ্যা যদি ৰাজ্যখনত আৰু মাত্ৰ ১০ শতাংশ বৃদ্ধি পায়, তেন্তে অসম স্বয়ংক্ৰিয়ভাৱে বাংলাদেশৰ অংশ হৈ পৰিব বুলি তেওঁ মঙলবাৰে এক বিস্ফোৰক দাবী কৰে। উত্তৰ-পূৰ্বাঞ্চলক বাংলাদেশৰ সৈতে চামিল কৰাৰ সন্দৰ্ভত ঢাকাৰ এজন ৰাজনৈতিক নেতাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই সতৰ্কবাণী শুনায়।

মুখ্যমন্ত্ৰীৰ মতে, বৰ্তমান অসমৰ জনসংখ্যাৰ প্ৰায় ৪০ শতাংশই বাংলাদেশী মূলৰ লোক। এই সংখ্যা ৫০ শতাংশ পাৰ হোৱাৰ লগে লগে ৰাজ্যখনৰ পৰিচয় আৰু মানচিত্ৰ সলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তেওঁ উল্লেখ কৰে যে এই বিপদৰ প্ৰতি লক্ষ্য কৰিয়েই তেওঁ যোৱা পাঁচ বছৰ ধৰি ধাৰাবাহিকভাৱে এই গুৰুত্বপূৰ্ণ ইছ্যুটো উত্থাপন কৰি আহিছে।

উল্লেখ্য যে, অলপতে বাংলাদেশৰ নেচনেল চিটিজেন পাৰ্টিৰ নেতা হাচনাত আব্দুল্লাই এক উচতনিমূলক মন্তব্য কৰি কৈছিল যে ভাৰতে যদি বাংলাদেশক অস্থিৰ কৰিবলৈ চেষ্টা কৰে, তেন্তে ঢাকাই উত্তৰ-পূব ভাৰতক পৃথক কৰি তাত বিচ্ছিন্নতাবাদী শক্তিক সহায় কৰিব লাগে। আব্দুল্লাই লগতে কৌশলগত ‘চিকেন নেক’ কৰিডৰৰ দুৰ্বলতাৰ কথাও উল্লেখ কৰিছিল। ইয়াৰ পাছতে ড° শৰ্মাই ৰাজ্যখনৰ জনগাঁথনিৰ পৰিৱৰ্তনক লৈ এনেদৰে সষ্টম হ’বলৈ আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *