বহিৰাগত উপাচার্য দপ-দপনি আৰু দুর্নীতিৰ ফলত ৰসাতলে যোৱাৰ উপক্ৰম হৈছে অসমৰ শিক্ষাখণ্ড। তেজপুৰ বিশ্ববিদ্যালয়ৰ দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলনৰ বিষয়ে অসমৰ ৰাইজ অৱগত যদিও, সকলোৰে অলক্ষিতে ইয়াতকৈ বিয়াগোম আৰু আকাশলংঘী দুর্নীতি চলি আছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্তবিশ্ববিদ্যালয়ত। এই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আসাম পাব্লিক ৱর্কছে। আসাম পাব্লিক ৱর্কছৰ সভাপতি আভিজিৎ শর্মা আৰু সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ অনিময়ৰ বিৰুদ্ধে ৰাজভৱনত শপতনামা দাখিল কৰিছে। য’ত অভিযোগ কৰা হৈছে যে জন্মৰ দিনৰ পৰাই চলি অহা দুর্নীতিৰ বেহা বহিৰাগত উপাচাৰ্য ৰাজেন্দ্ৰ প্ৰসাদ দাসৰ দিনত আকাশলংঘী হৈছেগৈ।

গতানুগতিক বিশ্ববিদ্যালয়ত উচ্চ শিক্ষাৰ পৰা বঞ্চিত ৰাজ্যখনৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ এক মাত্র আশা-ভৰষাৰ থল আৰু সপোন কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ পৰা সংগ্ৰহ কৰা ধনেৰে সংঘটিত কৰা হৈছে বিয়াগোম দুর্নীতি। সমযে সময়ে এই দুর্নীতিবোৰৰ তদন্ত হৈছে আৰু দুর্নীতি ধৰাও পৰিছে, কিন্তু দোষীহে ধৰা নপৰে বা দোষীৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থাও নহয়।খানাপাৰাত ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে অৱস্থিত ৯ বিঘা দখলীকৃত চৰকাৰী মাটিত চূড়ান্ত অনিয়ম আৰু দুর্নীতিৰে সাজি উলিওৱা হৈছে ১০৮ কৌটি টকাৰ আঠ মহলীয়া বিশ্ববিদ্যালয়খনৰ বিশাল অট্টালিকা। চৰকাৰী নথি মতে এই ৯ বিঘা মাটি এতিয়াও কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ নামত হস্তান্তৰিত হোৱা নাই, কিন্তু আচৰিত কথা এই যে ২০১৭ চনতে নিজৰ কোনো অধিকাৰ নথকাকৈ অসম কৃষি বিশ্ববিদ্যালয়ে এই ৯ বিঘা চৰকাৰী মাটি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ক বেআইনীভাবে হস্তান্তৰিত কৰে। এই ৯ বিঘা চৰকাৰী মাটি অসম কৃষি বিশ্ববিদ্যালয়ৰো নহয়। কিন্তু হস্তান্তৰৰ চুক্তিত স্বাক্ষৰ কৰে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সেইসময়ৰ পঞ্জীয়ক অৰূপজ্যোতি চৌধুৰীয়ে। অৰূপজ্যোতি চৌধুৰী এতিয়া মাধবদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু বহিৰাগত উপাচাৰ্য ৰাজেন্দ্ৰ প্রসাদ দাসবো অতি ঘনিষ্ঠ।

আনকি অহা ১১ তাৰিখে পাতিব লগা বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসৰ মুখ্য ভাষণ দিবলৈ বহিৰাগত উপাচাৰ্য ৰাজেন্দ্ৰ প্রসাদ দাসে নিমন্ত্ৰণ কৰিছে এই অৰূপজ্যোতি চৌধুৰীকে। বেআইনীভাৱে হস্তান্তৰ কৰা এই ৯ বিঘা চৰকাৰী মাটিত কোনোধৰণৰ স্বত্ত্ব নোহোৱাকৈ নিৰ্মাণকাৰ্য আৰম্ভ হয় ২০১৮ চনত। এই নিৰ্মাণ কাৰ্য কোনোধৰণৰ নিবিদা আহ্বান নকৰাকৈ অর্পণ কৰা হয় ‘ওম কনষ্ট্ৰাকচন’ নামৰ এটা সন্দেহজনক প্রতিষ্ঠানক। ‘ওম কনষ্ট্ৰাকচন ‘য়ে এই স্বত্বহীনভূমিত নির্মাণকাৰ্যৰ বাবে চৰকাৰী অনুমতি আৰু বিজুলী সংযোগ কেনেকৈ পালে সেয়াও এক তদন্তৰ বিষয় হোৱা উচিত। ইমান অনিয়মেৰে চৰকাৰী দখলীকৃত ভূমিত নিৰ্মাণ কৰা অট্টালিকা উদ্ধোধন কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই ২০২৪ চনত কিয় সন্মতি দিছিল এয়াও ৰহস্যজনক।

Leave a Reply

Your email address will not be published. Required fields are marked *