পৰীক্ষাৰ ফলাফল ঘোষণাৰ নামত ল’ৰা ধেমালি অসম লোকসেৱা আয়োগৰ। আজি ঘোষণা কৰা ২০২৪ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ (চিচিই) ফলাফল এক জাননীৰ জৰিয়তে হঠাতে বাতিল কৰাৰ সিদ্ধান্ত লয় আয়োগে। এটা গুৰুতৰ ভুলৰ অজুহাত দেখুৱাই আয়োগে এই নিৰ্দেশনা জাৰি কৰিছে।

আয়োগৰ পৰীক্ষা নিয়ন্ত্ৰকে স্বাক্ষৰ কৰা নিৰ্দেশনাটোত কোৱা হৈছে যে পূৰ্বতে আপলোড কৰা ফলাফলত কেইবাটাও অনিচ্ছাকৃত ত্ৰুটি ধৰা পৰিছে। এই ভুলৰ বাবে ৪৬০ পিএছচি/কন/এক্সাম-৩৭/২০২৪-২০২৫ নম্বৰৰ পত্ৰ যোগে প্ৰকাশ পোৱা ফলাফলটো তাৎক্ষণিকভাৱে বাতিল কৰা হৈছে। এই ঘটনাই ৰাজ্যৰ হাজাৰ হাজাৰ পৰীক্ষাৰ্থীৰ মাজত হাহাকাৰৰ সৃষ্টি কৰিছে।

এপিএছচিয়ে জনোৱা মতে, অতি শীঘ্ৰেই এক নতুন আৰু ত্ৰুটিমুক্ত বাছনি তালিকা প্ৰস্তুত কৰি চৰকাৰী ৱেবছাইটত আপলোড কৰা হ’ব। এই সংক্ৰান্তত আয়োগৰ অধ্যক্ষ, সদস্য তথা বিভাগীয় উচ্চপদস্থ বিষয়াসকলক ইতিমধ্যে অৱগত কৰা হৈছে। লগতে তথ্য আৰু জনসংযোগ বিভাগকো এই সন্দৰ্ভত জাননী প্ৰেৰণ কৰা হৈছে।

ফলাফল বাতিলৰ এই ঘটনাই পুনৰবাৰ এপিএছচিৰ কাৰ্যক্ষমতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। পৰীক্ষাৰ্থীসকলক ধৈৰ্য ধৰিবলৈ আৰু আয়োগৰ চৰকাৰী পৰ্টেলৰ ওপৰত চকু ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে। গুৰুত্বপূৰ্ণ নিযুক্তি পৰীক্ষাৰ ক্ষেত্ৰত আয়োগৰ এনে অবিবেচকী কাৰ্যই ছাত্ৰ-ছাত্ৰীসকলক মানসিকভাৱে দুশ্চিন্তাত পেলাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *