আৰক্ষীৰ জালত গণেশপাৰাৰ ডকাইতি কাণ্ডৰে জড়িত ৩ জন অভিযুক্ত। বৰপেটা জিলাৰ পৰা আটক কৰা হৈছে ৩ অভিযুক্তক। সোমবাৰে নিশা গণেশপাৰাত সংঘটিত হৈছিল শিহৰণকাৰী ডকাইতিৰ ঘটনা। ব্যৱসায়ী অনিল ডেকাৰ বাসগৃহত হৈছিল ডকাইতিৰ ঘটনা। নিশাৰ ভাগত সংঘটিত এই ডকাইতি কাণ্ডই সমগ্ৰ মহানগৰীতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।গণেশপাৰাৰ স্নেহাশ্ৰয় নামৰ অট্টালিকাত সংঘটিত হৈছিল এই ঘটনা। ফটাশিল আমবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গণেশপাৰাৰ ‘স্নেহাশ্ৰয়’ নামৰ এটা অট্টালিকাত ব্যৱসায়ী অনিল ডেকাৰ বাসগৃহত চাৰিজনীয়া এটা ডকাইতৰ দলে চিনেমাৰ কায়দাৰে চলাইছিল এই তাণ্ডৱ। দলটোৱে ঘৰটোত লুটপাত চলোৱাৰ লগতে পৰিয়ালটোৰ সদস্যৰ ওপৰতো ভয়ানক আক্ৰমণ চলায়। Share this:FacebookX Related Post navigation পুৰীত বোমাতংক গোৱাত নৃশংসতাৰ বলি হৈ মৃত্যুক সাৱতিলে অসমীয়া যুৱতীয়ে