মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত অসম বৰ্তমান সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক স্বাস্থ্যসেৱাৰ কেন্দ্ৰবিন্দু বা হেল্থ হাব হিচাপে আত্মপ্ৰকাশ কৰিছে। শুকুৰবাৰে শিলচৰত এক বিশাল জনসভাক সম্বোধন কৰি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। তেওঁ কয় যে বিজেপি চৰকাৰৰ দিনত ৰাজ্যখনৰ স্বাস্থ্য আন্তঃগাঁথনিৰ যি অভূতপূৰ্ব পৰিৱৰ্তন ঘটিছে, তাৰ ফলত চুবুৰীয়া ৰাজ্যসমূহৰ ৰাইজে এতিয়া উন্নত চিকিৎসাৰ বাবে অসমৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হৈছে।

ৰাজ্যখনৰ উদ্যোগ খণ্ডৰ এক উল্লেখনীয় সাফল্যৰ কথা দোহাৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে অসমত ইতিমধ্যে ২৭,০০০ কোটি টকাৰ এক ছেমিকণ্ডাক্টৰ প্ৰকল্প স্থাপন কৰা হৈছে। এই প্ৰকল্পটোৱে সমগ্ৰ অঞ্চলটোতে উচ্চ প্ৰযুক্তিৰ উৎপাদন আৰু উদ্যোগিক বিকাশৰ নতুন দুৱাৰ মুকলি কৰিব। কেন্দ্ৰীয় চৰকাৰৰ তুলনামূলক খতিয়ান দাঙি ধৰি তেওঁ দাবী কৰে যে ২০০৪ চনৰ পৰা ২০১৪ চনলৈ কংগ্ৰেছ চৰকাৰে অসমৰ উন্নয়নৰ বাবে মাত্ৰ ১.২৮ লাখ কোটি টকা দিছিল, কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰে যোৱা দহ বছৰত ১৫ লাখ কোটি টকা আৱণ্টন দিছে।

গৃহমন্ত্ৰীগৰাকীয়ে বিশেষকৈ সীমান্ত অঞ্চলৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা ‘ভাইব্ৰেণ্ট ভিলেজ ২’ আঁচনিৰ ওপৰত আলোকপাত কৰে। তেওঁ জনোৱা মতে, ৬,৯০০ কোটি টকীয়া এই আঁচনিখনে অসমৰ ৯ খন জিলাৰ ১৪০ খন গাঁৱক সাঙুৰি ল’ব। এই গাঁওসমূহত দেশৰ আন উন্নত অঞ্চলৰ দৰে সকলো আধুনিক সা-সুবিধা উপলব্ধ কৰা হ’ব। এই আঁচনিৰ জৰিয়তে নিৰাপত্তা ব্যৱস্থা সুদৃঢ় কৰাৰ লগতে যোগাযোগ আৰু চৰকাৰী আঁচনিৰ ১০০ শতাংশ ৰূপায়ণ নিশ্চিত কৰা হ’ব।

অসম অতি সোনকালেই দেশৰ আগশাৰীৰ উন্নত ৰাজ্যসমূহৰ তালিকাত অন্তৰ্ভুক্ত হ’ব বুলি দৃঢ়তাৰে কয় অমিত শ্বাহে। তেওঁৰ মতে, আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ আৰু জনকল্যাণমূলক কাম-কাজৰ জৰিয়তে অসমে এক নতুন পৰিচয় লাভ কৰিছে। নিৰ্বাচনৰ প্ৰাকক্ষণত গৃহমন্ত্ৰীগৰাকীৰ এই বৰাক ভ্ৰমণ আৰু উন্নয়নমূলক ঘোষণাৰ ধাৰাই ৰাজনৈতিকভাৱেও যথেষ্ট গুৰুত্ব বহন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *