বাৰিষাৰ প্ৰথমটো বানত ক্ষতিগ্ৰস্ত হৈছে অসমৰ ২১ খন জিলা ৷ বিগত কিছুদিনৰে পৰা ৰাজ্যত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নদী-উপনদীসমূহৰ জলপৃষ্ঠ উফন্দি উঠি বিপদৰ সূচনা কৰিছে ৷ বহু এলেকাত নৈসমূহৰ পাৰ ভাঙি অহা পানীয়ে প্লাৱিত কৰে বহু গাওঁ ৷অসমৰ মুঠ 1494 খন গাঁৱৰ 6,79,423 লোকৰ জনজীৱন বাৰিষাৰ বানৰ দ্বাৰা প্ৰভাৱিত হৈছে ৷ বানত ডুব গৈছে 14,977.99 হেক্টৰ কৃষিভূমি ৷বানে প্লাৱিত কৰা অসমৰ জিলা কেইখন হৈছে ক্ৰমে- হাইলাকান্দি, ডিব্ৰুগড়, মৰিগাঁও, হোজাই, কামৰূপ, নগাঁও, গোলাঘাট, বিশ্বনাথ, কাছাৰ, শ্ৰীভূমি, শোণিতপুৰ, লখিমপুৰ, দৰং, বৰপেটা, গোৱালপাৰা, দক্ষিণ শালমৰা, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, শিৱসাগৰ, কামৰূপ (ম) আৰু ধেমাজি ৷প্ৰতিবছৰৰ দৰে এইবাৰো বানাক্ৰান্ত লোকসকলক সহায়ৰ উদ্দেশ্যে স্থাপন কৰা হৈছে বান শিবিৰ ৷ বৰ্তমানলৈকে 405 টাকৈ এনেধৰণৰ বান শিবিৰ স্থাপন কৰি বন্যাৰ্ত লোকসকলক সহায় কৰা হৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *