অসম গ্ৰন্থমেলাৰ প্ৰফুল্ল গোবিন্দ বৰুৱাৰ সভাগৃহত গুৱাহাটী পাঞ্জাবাৰী আনন্দিনী প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা কবি ভিক্টৰ ৰাজকুমাৰৰ দ্বিতীয়খনি কবিগ্ৰন্থ ‘পৃথিৱী’ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, গীতিকাৰ ড° অঞ্জনজ্যোতি চৌধুৰী, কবি দেৱপ্ৰসাদ তালুকদাৰ আৰু ডা° তথা সমাজকৰ্মী ৰুবী কটকীয়ে৷ ড°সংগীতা ৰাজখোৱাই আঁত ধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠান ক্ৰমে প্ৰকাশক ভবেনজ্যোতি বৰা,ব্যৱস্থাপক ৰাজলক্ষ্মী ৰাজশ্ৰী, সেউজী কবি সন্মিলনৰ সম্পাদক অঞ্জনা দাস,কবি অঞ্জুম আৰা হুছেইন, কবি মিনতি বৰুৱা, কবি স্বপ্নালী নাথ, লেখিকা মেঘালি বৰা, সাহিত্যৰথী সাহিত্য সভা সভাপতি মফিজুদ্দিন আহমদ,উপ সভাপতি শান্তিৰাম বৰা, প্ৰচাৰ ভাৰতীৰ উত্তৰপূৱ অনাতাঁৰ কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক প্ৰধান দীনেশ দাস, আৰ জে সুজিতা, বিশিষ্ট সাংবাদিক দিগন্ত কুমাৰ নাথ,কবি ড°অলিকা বৰফুকন, গায়িকা অলকা হালৈ, সমাজকৰ্মী দিনেশ দত্ত মেধি, সমাজকৰ্মী পৰিস্মিতা দেউৰী,শিক্ষাকৰ্মী ধৰ্মেন্দ্ৰ দাস, কবি মৃদু গোস্বামীকে ধৰি শতাধিক লোক উপস্থিত থাকে৷ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত মুক অভিনেতা মৃগাঙ্ক ডেকাই কবিতা আৰু মুকাভিনয়ৰ সংমিশ্ৰণৰ অনন্য প্ৰদৰ্শনেৰে ‘পৃথিৱী’ গ্ৰন্থখনিক বিশেষ মাত্ৰ প্ৰদান কৰে৷ আল্পনা ট্ৰেভেলছৰ পাছত 20 বছৰৰ বিৰতিৰ অন্তত কবি গৰাকীৰ এইয়া ” পৃথিৱী ” প্ৰকাশৰ আগভাগ লয় বন্ধু সকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *