অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত অবৈধভাৱে মছজিদ নিৰ্মাণ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা তীব্ৰ অসন্তুষ্টিৰ বাবেই আজি স্তব্ধ হৈ পৰে স্বাভাৱিক জনজীৱন। এছ টি বচাও আন্দোলন কমিটিৰ জিৰ’ গোটৰ আহ্বানত বুধবাৰে পুৱা ৫ বজাৰ পৰা আৰম্ভ হোৱা ২৪ ঘণ্টীয়া বন্ধৰ ফলত জিলাখনৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু যানবাহন চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকে।

প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ হাপলীৰ পাৰে আমি আৰু পুৰণি জিৰ’ৰ সুলুয়াত নিৰ্মীয়মাণ দুটাকৈ মছজিদ উচ্ছেদ কৰাৰ দাবীত এই বন্ধৰ আহ্বান জনোৱা হৈছিল। আৰক্ষীৰ মতে, ভূমিৰ মালিকৰ সৈতে চুক্তিপত্ৰৰ জৰিয়তে এই নিৰ্মাণ কাৰ্য চলিছিল যদিও ইয়াৰ বাবে প্ৰয়োজনীয় চৰকাৰী নথি-পত্ৰ সঠিক নাছিল। নামনি সোৱণশিৰিৰ আৰক্ষী অধীক্ষক কেনি বাগ্ৰাই জনোৱা মতে, বন্ধৰ সময়ছোৱাত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই আৰু আন্দোলনকাৰীসকলে আৰক্ষী-প্ৰশাসনক সহযোগিতা আগবঢ়াইছে।

ইফালে, জিলা প্ৰশাসনে এই বন্ধক অবৈধ ঘোষণা কৰি মঙলবাৰেই ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছিল। অৱশ্যে প্ৰতিবাদকাৰীসকলে যাত্ৰীসকলৰ সুবিধাৰ্থে ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰি ৰখাৰ লগতে পঞ্চম, অষ্টম আৰু দশম শ্ৰেণীৰ প্ৰি-বোৰ্ড পৰীক্ষাৰ শিক্ষাৰ্থীসকলক পৰীক্ষাত বহিবলৈ অনুমতি দিয়ে। বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *