পাকিস্তানৰ ৰাজনৈতিক অস্থিৰতা আৰু বিচ্ছিন্নতাবাদী আন্দোলনৰ যুঁজখন এতিয়া উপনীত হৈছে এক নজিৰবিহীন পৰ্যায়ত। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ বিৰুদ্ধে পাকিস্তান অধিকৃত বালোচিস্তানৰ নিৰ্বাসিত চৰকাৰে যোৱা বৃহস্পতিবাৰে জাৰী কৰিছে এক গ্ৰেপ্তাৰী পৰোৱানা। বালোচ নেতা মীৰ ইয়াৰ বালোচে সামাজিক মাধ্যমৰ জৰিয়তে এই পৰোৱানা ৰাজহুৱা কৰে।

অভিযোগ অনুসৰি, স্বাধীন বালোচিস্তানৰ ভিছা নীতি উলংঘা কৰিছে শ্বাহবাজ শ্বৰীফে। বালোচিস্তানৰ সাৰ্বভৌমত্ব ইচ্ছাকৃতভাৱে উলংঘা কৰাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰাৰ নিৰ্বাসিত চৰকাৰখনে নিৰ্দেশ দিছে। বৈধ ভিছা অবিহনে অবৈধভাৱে বালোচিস্তানত প্ৰৱেশ কৰাটো এক ফৌজদাৰী অপৰাধ বুলি বালোচ কৰ্তৃপক্ষই উল্লেখ কৰিছে। যিকোনো বিমানবন্দৰত প্ৰৱেশ বা প্ৰস্থানৰ সময়তে তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব পাৰে বুলি সঁকিয়াই দিছে বিদ্ৰোহীসকলে।

ইফালে, পাকিস্তানৰ পৰা বিচ্ছিন্ন হোৱাৰ দাবীত যোৱা বছৰৰ পৰা বালোচিস্তানত সশস্ত্ৰ সংগ্ৰামে তীব্ৰ ৰূপ ধাৰণ কৰিছে। এই সংঘৰ্ষত প্ৰায় ৪৫০ জন লোকে প্ৰাণ হেৰুৱাইছে, যাৰ বেছিভাগেই সুৰক্ষাকর্মী। ইয়াৰ মাজতে পাক প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে লোৱা এই ব্যৱস্থাই উত্তেজনা অধিক বৃদ্ধি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *