প্ৰশিক্ষণৰ মাজতে আজি দক্ষিণ কোৰিয়াৰ গ্যংগী প্ৰদেশত সংঘটিত হয় এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। দেশখনৰ সেনাৰ ১৫ সংখ্যক এভিয়েশ্যন গ্ৰুপৰ এখন ‘AH-1S কোব্ৰা’ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত দুগৰাকী জুনিয়ৰ ৱাৰেণ্ট অফিচাৰৰ কৰুণ মৃত্যু ঘটে। সেনাৰ সূত্ৰই জনোৱা মতে, হেলিকপ্টাৰখন গাফেয়ং কাউণ্টিৰ এটা এটেক বেছৰ পৰা প্ৰায় ৮০০ মিটাৰ দূৰত এখন নদীৰ পাৰত ভূপতিত হয়। দুৰ্ঘটনাৰ লগে লগে গুৰুতৰভাৱে আহত বিষয়া দুগৰাকীক উদ্ধাৰ কৰি ওচৰৰে চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে। হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছত কোনো ধৰণৰ বিস্ফোৰণ বা অগ্নিকাণ্ডৰ ঘটনা ঘটা নাছিল। সেনাৰ তৰফৰ পৰা ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে এটা জৰুৰীকালীন সঁহাৰি দল গঠন কৰা হৈছে। এই মৰ্মান্তিক দুৰ্ঘটনাৰ পাছতেই দক্ষিণ কোৰিয়াৰ সেনাই এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তদন্তৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে সেনাৰ ভাণ্ডাৰত থকা সকলোবোৰ ‘AH-1S কোব্ৰা’ হেলিকপ্টাৰৰ উৰণ সাময়িকভাৱে স্থগিত ৰখা হৈছে। যান্ত্ৰিক বিজুতি নে অন্য কোনো কাৰণত এই দুৰ্ঘটনা সংঘটিত হ’ল, তাক লৈ বৰ্তমান তীব্ৰ অনুসন্ধান চলাই থকা হৈছে। Share this:FacebookX Related Post navigation বিনায়ক দামোদৰ সাভৰকাৰক ভাৰত ৰত্ন প্ৰদানৰ দাবীত সৰৱ মোহন ভাগৱত; সমৰ্থনত থিয় দিলে কংগনা ৰানাৱটে অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অবিশ্বস প্ৰস্তাৱৰ প্ৰস্তুতি; উত্তাল হৈ পৰিছে সংসদীয় ৰাজনীতি