৫ বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ কালিৰ খেলত দিল্লী কেপিটেলছক ৫৯ ৰানত পৰাস্ত কৰি প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰা চতুৰ্থটো দল হিচাপে পৰিগণিত হয়। ইতিমধ্যে যোগ্যতা অৰ্জন কৰিছিল গুজৰাট টাইটানছ (১৮ পইন্ট), ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (১৭ পইন্ট), পঞ্জাব কিংছ (১৭ পইন্ট)। এই জয়েৰে মুম্বাই ইণ্ডিয়ানছে ১৬ পইণ্ট লাভ কৰি ১১ সংখ্যক বাৰৰ বাবে নকআউটৰ বাবে যোগ্যতা অৰ্জন কৰে। ইয়াৰ সৈতে বাহিৰ হয় দিল্লী কেপিটেলছ (১৩ পইন্ট)। প্ৰথমে বেটিং কৰিবলৈ আহি সূৰ্য কুমাৰ যাদৱৰ অৰ্ধশতক আৰু শেষত নমন ধীৰ (২৪ নট আউট)ৰ সৈতে ২১ বলত অপৰাজিত ৫৭ ৰানৰ যুটীয়া প্ৰদৰ্শনৰ বাবেই মুম্বাই ইণ্ডিয়ানছে লেহেমীয়া খেলপথাৰত পাঁচ উইকেটত ১৮০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। পাৱাৰপ্লেত ৪৯ ৰানত তিনিটা উইকেট হেৰুৱাই দিল্লী কেপিটেলছ ১৮.২ অভাৰত ১২১ ৰানত অল আউট হয় সমগ্ৰ দলটো। মুম্বাই ইণ্ডিয়ানছৰ হৈ স্পিনাৰ ছাণ্টনাৰে চাৰি অভাৰত মাত্ৰ ১১ ৰানত তিনিটা উইকেট দখল কৰাৰ বিপৰীতে বেগী বলাৰ বুমৰাহে ৩.২ অভাৰত ১২ ৰানত তিনিটা উইকেট দখল কৰে। ট্ৰেণ্ট ব’ল্ট, দীপক চহৰ, উইল জেকছ আৰু কৰ্ণ শৰ্মাই এটাকৈ উইকেট দখল কৰে। দিল্লীয়ে দ্বিতীয় অভাৰত ষ্টেণ্ড ইন অধিনায়ক ফাফ ডু প্লেছিছ (০৬), তৃতীয় অভাৰত কে এল ৰাহুলে (১১ ৰান) আৰু পঞ্চম অভাৰত অভিষেক পোৰেলক ৬ ৰানত সহজে হেৰুৱায়। Share this:FacebookX Related Post navigation আই পি এলৰ প্লে অফৰ দৌৰৰ পৰা বাহিৰ লক্ষ্ণৌ ছুপাৰজায়েণ্টছ ১৭ বছৰীয়া অপেক্ষা অন্ত পেলাই ইউৰোপা লীগৰ চেম্পিয়ন টটেনহাম হটছপাৰ