মাদকদ্ৰব্যৰ বিৰুদ্ধে চলাই অহা তীব্ৰ অভিযানৰ মাজতে সোমবাৰে শ্ৰীভূমি জিলাত এক বৃহৎ সফলতা অৰ্জন কৰিছে অসম আৰক্ষীয়ে। গোপন সূত্ৰৰ পম খেদি চলোৱা এই অভিযানত প্ৰায় ৩০ হাজাৰ ইয়াবা টেবলেট জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটো। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, আৰক্ষীৰ এই তৎপৰতাই সৰবৰাহকাৰীৰ গুৰুত্বপূৰ্ণ পথ অৱৰুদ্ধ কৰাৰ লগতে যোগান শৃংখলটো সম্পূৰ্ণৰূপে বিছিন্ন কৰি পেলাইছে। এই সফল অভিযানৰ বাবে তেওঁ অসম আৰক্ষী আৰু শ্ৰীভূমি আৰক্ষীৰ দলটোক বিশেষভাৱে প্ৰশংসা কৰে। হিমন্ত বিশ্ব শৰ্মাই এক্সত কয়, “আৰক্ষীৰ তৎপৰতাত শ্ৰীভূমিত ৩০ হাজাৰ ইয়াবা টেবলেট জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। এই সৰবৰাহৰ পথটো বন্ধ কৰি সৰবৰাহকাৰীৰ নেটৱৰ্কটো ধ্বংস কৰিবলৈ সক্ষম হোৱা কাৰ্য সঁচাকৈয়ে প্ৰশংসনীয়।” উল্লেখ্য যে, যোৱা কেইবাদিনো ধৰি ৰাজ্যজুৰি নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অধিক তীব্ৰতৰ কৰি তুলিছে। যোৱা শুকুৰবাৰে পশ্চিম বৰাগাঁও আৰু পাথাৰকান্দিত চলোৱা অভিযানত ৫.৯৩ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ৮৩,৩৯৯ টা ইয়াবা টেবলেট আৰু ১০ কেজি গাঞ্জা উদ্ধাৰ কৰা হৈছিল। বাৰে বাৰে ড্ৰাগছ সৰবৰাহকাৰীক সাৱধান কৰি দি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে যে ৰাজ্যত এনে সমাজবিৰোধী কাৰ্যত লিপ্ত থকা লোকৰ বাবে কোনো লুকাবলৈ ঠাই নাথাকিব। Share this:FacebookX Related Post navigation জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰৰ বাবে গঠন হ’ব ফাষ্ট ট্ৰেক ক’ৰ্ট; দ্ৰুত শুনানিৰ আশা প্ৰাক্তন ন্যায়াধীশৰ এনপিএফৰ মুখ্য সচেতক হিচাপে কে জি কেনিয়েক দায়িত্ব; কাইলৈৰ পৰা নাগালেণ্ড বিধানসভাৰ বাজেট অধিৱেশন