দেশৰ আগশাৰীৰ ফিনটেক প্ৰতিষ্ঠান এঞ্জেল ৱান লিমিটেডে নিজৰ নাম আৰু কাৰ্যবাহীসকলক অনুকৰণ কৰা প্ৰৱঞ্চনামূলক ছ’চিয়েল মিডিয়া গ্ৰুপৰ সন্দৰ্ভত বিনিয়োগকাৰীক সতৰ্কবাণী জাৰি কৰিছে। প্ৰতিষ্ঠানটোৱে হোৱাটছএপ আৰু টেলিগ্ৰামৰ দৰে প্লেটফৰ্মত অকৰ্তৃত্বশীল গ্ৰুপৰ উত্থান দেখিছে, যাৰ ফলত ব্যৱহাৰকাৰীসকলে নিৰ্দিষ্ট লোকসকলক এঞ্জেল ৱানৰ সৈতে জড়িত বুলি বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। এই প্ৰৱঞ্চক গোটসমূহ অবৈধ কাৰ্য-কলাপৰ সৈতে জড়িত, যেনে পঞ্জীয়নবিহীন ছিকিউৰিটিজৰ পৰামৰ্শ আগবঢ়োৱা আৰু ৰিটাৰ্ন সন্দৰ্ভত অকৰ্তৃত্বশীল দাবী কৰা। এঞ্জেল ৱানে দৃঢ়তাৰে কয় যে, এনে গোটে ছেবিৰ অনুমোদন অবিহনে বিনিয়োগৰ পৰামৰ্শ আগবঢ়ায় আৰু ৰিটাৰ্নৰ ভুৱা নিশ্চয়তা দি জনসাধাৰণক বিপথে পৰিচালিত কৰি নিয়ম উলংঘা কৰে। এঞ্জেল ৱানৰ এগৰাকী মুখপাত্ৰই এই বিষয়ে কয় যে, “আমি বিনিয়োগকাৰীসকলক আমাৰ সংস্থাৰ পৰা অহা বুলি দাবী কৰা যিকোনো যোগাযোগৰ সত্যতা পৰীক্ষা কৰিবলৈ আহ্বান জনাইছোঁ। বৈধ বিনিয়োগ অনুমোদিত উৎসৰ ওপৰত ভিত্তি কৰি হ’ব লাগিব।” গ্ৰাহকসকলে যাতে আনঅফিচিয়েল গ্ৰুপত যোগ নিদিয়ে, সংবেদনশীল তথ্যৰ ৰিকুৱেষ্ট বা আনএথৰাইজড চেনেলৰ জৰিয়তে পুঁজি নিবিচাৰিবলৈ কোম্পানীটোৱে স্পষ্ট কৰি দিছিল। বিনিয়োগকাৰীসকলক লেনদেনৰ বাবে কেৱল অফিচিয়েল প্লেটফৰ্ম ব্যৱহাৰ কৰিবলৈ আৰু অনানুষ্ঠানিক উৎসৰ পৰা এপ ডাউনলোড কৰা পৰিহাৰ কৰিবলৈ উৎসাহিত কৰা হয়। গুৱাহাটীৰ স্থানীয় বিনিয়োগকাৰীসকলক এই স্কেমসমূহৰ পৰা সাৱধান হ’বলৈ পৰামৰ্শ দিয়া হৈছে, কিয়নো আঞ্চলিক বজাৰত প্ৰৱঞ্চনামূলক আঁচনিৰ প্ৰৱণতা ক্ৰমান্বয়ে লক্ষ্য কৰা হৈছে। গুৱাহাটীৰ বিনিয়োগকাৰীসকলে বিশেষভাৱে সতৰ্ক হোৱা উচিত, নিজৰ বহুমূলীয়া অৰ্থৰ বিনিয়োগ সুৰক্ষিত কৰিবলৈ সকলো বিত্তীয় সিদ্ধান্ত প্ৰমাণিত মাধ্যমৰ জৰিয়তে লোৱাটো নিশ্চিত কৰা উচিত। এঞ্জেল ৱানে জনসাধাৰণক চাইবাৰ ক্ৰাইম প ‘ৰ্টেল আৰু হেল্পলাইনকে ধৰি চৰকাৰী আইন প্ৰৱৰ্তনকাৰী চেনেলৰ জৰিয়তে সন্দেহজনক কাৰ্যকলাপৰ বিষয়ে অৱগত কৰিবলৈ আহ্বান জনায়। Share this:FacebookX Related Post navigation ডিএছপি মিউচুৱেল ফাণ্ডে বিএছই চেনচেক্স নেক্সট ৩০ত ভাৰতৰ প্ৰথম ইটিএফ আৰু ইণ্ডেক্স ফাণ্ড মুকলি কৰিছে উন্নত 4G নেটৱৰ্কৰ জৰিয়তে ভি-ৰ মহাকুম্ভ মেলাৰ লাইভ ষ্ট্ৰীমে অজস্ৰ লোকক আকৰ্ষিত কৰিবলৈ সাজু