ভাৰতৰ অন্যতম বৃহৎ বৈচিত্ৰ্যপূৰ্ণ কৃষি খাদ্য ব্যৱসায় গড্ৰেজ এগ্ৰভেট লিমিটেডে(গোড্ৰেজ এগ্ৰভেট)-এ আজি অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ সৈতে এক অ-বাধ্যতামূলক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই বুজাবুজি চুক্তিৰ অধীনত প্ৰতিষ্ঠানটোৱে দুগ্ধ ব্যৱসায়ত দুগ্ধ সংসাধন আৰু মূল্য সংযোজিত সামগ্ৰীৰ ক্ষমতা সম্প্ৰসাৰণৰ বাবে ৭০ কোটি টকা বিনিয়োগ কৰিব আৰু নতুন সমাধান কেন্দ্ৰ– তৈল পাম কৃষকৰ বাবে একক সমাধান কেন্দ্ৰ  স্থাপন কৰিব। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু, গড্ৰেজ এগ্ৰভেটৰ এমডি তথা চিইঅ’ সুনীল কাটাৰিয়া আৰু গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ কৰ্পৰেট পৰিক্ৰমাৰ গ্ৰুপ অধ্যক্ষ ৰাকেশ স্বামীৰ উপস্থিতিত এই বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। 

এই উপলক্ষে নিজৰ অভিমত প্ৰকাশ কৰি অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে কয় যে, “আমাৰ চহা কৃষকসকলৰ বাবে কৃষি-খাদ্য সংসাধন খণ্ডক শক্তিশালী কৰাটো অত্যাৱশ্যকীয়। ইয়াৰ সমান্তৰালভাৱে আমি এক শক্তিশালী আৰু নিৰ্ভৰযোগ্য অংশীদাৰ গড্ৰেজ এগ্ৰভেটৰ সৈতে অংশীদাৰিত্ব কৰিবলৈ পাই আমি অতিশয় আনন্দিত হৈছোঁ।” 

গড্ৰেজ এগ্ৰভেটৰ চিইঅ’ আৰু এমডি সুনীল কাটাৰিয়াই কয় যে, “আমি অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ ওচৰত কৃতজ্ঞ, যি ব্যৱসায়সমূহক সমৰ্থন কৰা আৰু সম্প্ৰদায়সমূহক উন্নীত কৰা এক পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিছে।” গড্ৰেজ এগ্ৰভেটৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান ক্ৰীমলাইন ডেইৰী প্ৰডাক্টছ লিমিটেডে গড্ৰেজ জাৰ্চী ব্ৰেণ্ড নামেৰে সামগ্ৰী বিক্ৰী কৰে, ইয়াৰ দুগ্ধ সংসাধন আৰু মূল্য সংযোজিত সামগ্ৰীৰ সামৰ্থ্য তিনিটা পৰ্যায়ত সম্প্ৰসাৰণ কৰিব। ভাৰতৰ সৰ্ববৃহৎ তৈলপাম সংসাধক আৰু শস্যৰ সমগ্ৰ জীৱনচক্ৰৰ বাবে কৃষকৰ সৈতে পোনপটীয়াকৈ কাম কৰা প্ৰতিষ্ঠানটোৰ তৈলপাম ব্যৱসায়ে পাঁচটা নতুন সমাধান কেন্দ্ৰ স্থাপন কৰিব। গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ কৰ্পৰেট পৰিক্ৰমাৰ গ্ৰুপ অধ্যক্ষ ৰাকেশ স্বামীয়ে কয় যে, “আমি অন্ধ্ৰ প্ৰদেশৰ সমৃদ্ধিৰ কাহিনীত অৰিহণা যোগাবলৈ আগ্ৰহী আৰু গ্ৰাহক, ৰিয়েল ইষ্টেট আৰু বিত্তীয় ব্যৱসায়তো আমাৰ গ্ৰুপৰ পদচিহ্ন সম্প্ৰসাৰণ কৰিবলৈ প্ৰতিনিয়ত প্ৰতিশ্ৰুতিবদ্ধ হৈ আছোঁ।”

Leave a Reply

Your email address will not be published. Required fields are marked *