ধৰ্মীয় সংবেদনশীলতা আৰু নিৰাপত্তাৰ মাজতে অযোধ্যাৰ ৰাম মন্দিৰ চৌহদত শনিবাৰে এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হয়। মন্দিৰৰ ভিতৰত নামাজ পঢ়িবলৈ চেষ্টা কৰাৰ অভিযোগত আটক কৰা জম্মু-কাশ্মীৰৰ এজন যুৱকক দেওবাৰে আৰক্ষীয়ে তেওঁৰ পৰিয়ালৰ হাতত গতাই দিয়ে। যুৱকজন মানসিকভাৱে অসুস্থ হোৱাৰ তথ্য লাভ কৰাৰ পাছতে আৰক্ষীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে। আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে, কাশ্মীৰৰ শ্বপিয়ান জিলাৰ বাসিন্দা আহমেদ শ্বেখ নামৰ যুৱকজনক শনিবাৰে মন্দিৰ চৌহদত নামাজৰ বাবে প্ৰস্তুতি চলাই থকা অৱস্থাত নিৰাপত্তাৰক্ষীয়ে আটক কৰিছিল। এই খবৰ পোৱাৰ লগে লগে শনিবাৰে সন্ধিয়া যুৱকজনৰ পৰিয়াল অযোধ্যাত উপস্থিত হয়। আৰক্ষী অধীক্ষক (চিটী) চক্ৰপাণি ত্ৰিপাঠীয়ে কয় যে, “যুৱকজনৰ পৰিয়ালে তেওঁ মানসিকভাৱে অসুস্থ বুলি আমাক অৱগত কৰিছে। তেওঁলোকে এই সংক্ৰান্তত চিকিৎসাৰ নথিপত্ৰও দাখিল কৰিছে, যাৰ ভিত্তিত তেওঁক পৰিয়ালৰ হাতত গতাই দিয়া হৈছে।” তদুপৰি এই ঘটনাৰ তদন্তৰ অংশ হিচাপে অযোধ্যাত শ্বল বিক্ৰী কৰি থকা একাংশ কাশ্মীৰী যুৱককো আৰক্ষীয়ে সোধা-পোছা কৰে। ত্ৰিপাঠীয়ে পুনৰ কয় যে, “তেওঁলোকৰ ওচৰত কোনো আপত্তিজনক সামগ্ৰী পোৱা নগ’ল। যুৱকসকলৰ ঠিকনা পৰীক্ষা কৰাৰ পাছত তেওঁলোকক মুকলি কৰি দিয়া হৈছে।” সম্প্ৰতি এই বিষয়ত কোনো অতিৰিক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই যদিও নিৰাপত্তা সংস্থাসমূহক সষ্টম কৰি ৰখা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ইফালে, ৰাম মন্দিৰৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত এনেদৰে এজন ব্যক্তিয়ে প্ৰৱেশ কৰি নামাজৰ চেষ্টা কৰা কাৰ্যই নিৰাপত্তা ব্যৱস্থাৰ ওপৰত একাংশৰ মাজত প্ৰশ্নৰ সৃষ্টি কৰিছে। অৱশ্যে আৰক্ষীয়ে সমগ্ৰ বিষয়টো মানৱীয় দৃষ্টিভংগীৰে বিচাৰ কৰি যুৱকজনক মুক্তি দিয়ে। বৰ্তমান অযোধ্যাত পৰিস্থিতি সম্পূৰ্ণ শান্ত বুলি প্ৰশাসনে জানিবলৈ দিয়ে। Share this:FacebookX Related Post navigation বিতৰ্কৰ পিছতো স্থানান্তৰিত হ’ব উচ্চ ন্যায়ালয় আজীৱন সংগ দি একেলগে চিতাত উঠিল দুই জা! ৰাজস্থানত শোকাবহ ঘটনা