অসম ক্ৰিকেট সন্থাৰ উদ্যোগত ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে নুৰুদ্দিন আহমেদ ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতা । ধুবুৰীত অনুষ্ঠিত নামনি অসম মণ্ডলৰ দুদিনীয়া লীগ মেচত প্ৰথম দিনৰ প্ৰথম ইনিংছত ধুবুৰীৰ বিৰুদ্ধে বৰপেটাই অম্লানজ্যোতি দাসৰ বিধ্বসী বলিঙত তছনছ কৰে ধুবুৰীৰ বেটিং লাইন । মাত্ৰ ৭৬ ৰানতে প্ৰথম ইনিংছ সামৰিবলগীয়া হয় ধুবুৰী বেটিং । বৰপেটাৰ হিমাংশু শ্বেৰাৱতেও ২ টা উইকেট দখল কৰে। ডেনিছ দাস নেতৃত্বাধীন প্ৰতিপক্ষ বৰপেটাৰ বলাৰ অম্লানজ্যোতি দাসে ৮ টা উইকেট দখল কৰি এটা ইনিংছত ঈৰ্ষনীয় বলিং প্ৰদৰ্শনৰ এক ইতিহাস ৰচনা কৰিবলৈ সক্ষম হয়। Share this:FacebookX Related Post navigation দোহা ডায়মণ্ড লীগত দ্বিতীয় স্থানত নীৰজ চোপ্ৰা হানী আৰু জিয়ানৰ স্বৰ্ণ পদক