শীতকালত আমলখি খালে বহু উপকাৰ পোৱা যায়। আমলখি আমাৰ স্বাস্থ্যৰ বাবে ভাল। ই ছালৰ পৰা চুলিলৈ, প্ৰায় সকলো দিশতে উপকাৰ সাধন কৰে। গতিকে আমলখি খালে শৰীৰে কি কি উপকাৰ লাভ কৰে সেয়া জনা দৰকাৰ।আমলখিক চুপাৰফুড বুলি কোৱা হয়। ইয়াত ভিটামিন চি, এন্টিঅক্সিডেন্টছ আদি থাকে। মানুহে আমলখি আচাৰ বনাই, বা সাধাৰণভাৱে খায়। আমলখি খালে শৰীৰৰ বহু উপকাৰ হয়। ছালৰ পৰা চুলিলৈ, ইয়াৰোপৰি শৰীৰৰ বিভিন্ন অংগৰ বাবে আমলখি উপকাৰী। কিন্তু আপুনি জানেনে ইয়াৰ ফলত কি কি উপকাৰ হয়?

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি: ভিটামিন C-ৰ প্ৰচুৰ পৰিমাণে সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।
২. হজম শক্তি উন্নত কৰা: কোষ্ঠকাঠিন্য, এচিডিটি, আৰু বদহজম দূৰ কৰে, লগতে পাচনতন্ত্ৰ সুস্থ ৰাখে।
৩. চুলি আৰু ছালৰ বাবে: চুলি সৰা কমায়, গুৰি মজবুত কৰে, আৰু ছাল উজ্জ্বল কৰে।
৪. হৃদৰোগৰ উপকাৰী: কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য ভাল ৰাখে, উচ্চ ৰক্তচাপো কমায়।
৫. ডায়াবেটিচ নিয়ন্ত্রণ: ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
৬. মানসিক স্বাস্থ্যৰ বাবে: মানসিক চাপ কমায়, স্মৃতিশক্তি আৰু মনোযোগ বৃদ্ধি কৰে।
৭. কিডনী আৰু যকৃতৰ বাবে: শৰীৰৰ বিষাক্ত পদাৰ্থ নিষ্কাশন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *