ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা অমৃতপাল সিঙৰ সহযোগীক পঞ্জাৱলৈ নিয়াৰ যো-জা চলাইছে আৰক্ষীয়ে ।জানিব পৰা মতে শীঘ্ৰে পঞ্জাৱ আৰক্ষীয়ে অমৃতপাল সিঙৰ ৭ সহযোগীক পঞ্জাৱলৈ স্থানান্তৰ কৰিব । অৱশ্যে, পঞ্জাৱ চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ (এনএছএ) ম্যাদ বৃদ্ধি নকৰাৰ সিদ্ধান্ত লৈছে ।ইতিমধ্যে পঞ্জাৱ আৰক্ষীৰ এটা দল ডিব্ৰুগড়ত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে ৷অসমৰ পৰা স্থানান্তৰ কৰিবলগীয়া অমৃতপাল সিঙৰ সহযোগীসকলৰ ভিতৰত আছে বসন্ত সিং, ভগৱন্ত সিং ওৰফে প্ৰধানমন্ত্ৰী বাজেকে, গুৰমিত সিং বুখনৱাল, দলজিৎ সিং কলাসী, গুৰিন্দৰপাল সিং ওৰফে গুৰি ওজালা আৰু হৰজিৎ সিং ওৰফে চাচা কুলৱন্ত ।

Leave a Reply

Your email address will not be published. Required fields are marked *