আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতকে ধৰি বহুতো দেশৰ ওপৰত পাৰস্পৰিক শুল্ক ঘোষণা কৰিছে। ট্ৰাম্পৰ শুল্কক ‘ৰেহাই প্ৰাপ্ত পাৰস্পৰিক শুল্ক’ বুলি নামাকৰণ কৰা হৈছে। আমেৰিকাই প্ৰায় ১০০ খন দেশৰ এখন তালিকা প্ৰকাশ কৰিছে, যিবোৰ ‘ৰেহাই প্ৰাপ্ত পাৰস্পৰিক শুল্ক’ৰ অধীনত থাকিব। ভাৰতো এই তালিকাত আছে। ভাৰতৰ ওপৰত ২৬% শুল্ক আৰোপ কৰা হৈছে। শুল্ক হৈছে এখন দেশৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত আৰোপ কৰা মাচুল।

এই মাচুল আমদানিকাৰী কোম্পানীয়ে তেওঁলোকৰ দেশৰ চৰকাৰক পৰিশোধ কৰে। দেশসমূহে সাধাৰণতে কিছুমান খণ্ডক বিদেশী প্ৰতিযোগিতাৰ পৰা সুৰক্ষিত কৰিবলৈ শুল্ক আৰোপ কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সদায় কৈ আহিছে যে যদি এখন দেশে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অধিক আমদানি শুল্ক আৰোপ কৰে, তেন্তে আমেৰিকাই সেই দেশৰ পৰা অহা সামগ্ৰীৰ ওপৰত অধিক আমদানি শুল্ক আৰোপ কৰিব।

ট্ৰাপে ইয়াক পাৰস্পৰিক শুল্ক আখ্যা দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ শুল্ক ঘোষণাৰ পিছৰে পৰা এছিয়াৰ দেশবোৰ বহু প্ৰভাৱিত হৈছে। ট্ৰাম্পে চীনৰ ওপৰত ৩৪ শতাংশ, ভিয়েটনামৰ ওপৰত ৪৬ শতাংশ আৰু কম্বোডিয়াত ৪৯ শতাংশ শুল্ক আৰোপ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *