আমাজন পে আৰু আইচিআইচিআই বেংকে আজি ৫ মিলিয়নৰো অধিক গ্ৰাহকৰ সৈতে ভাৰতৰ সৰ্বাধিক ব্যৱহৃত কো-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ডৰ বাবে আমাজন পে আইচিআইচিআই বেংক ক্ৰেডিট কাৰ্ডৰ বাবে দীৰ্ঘম্যাদী অংশীদাৰিত্ব নবীকৰণ কৰাৰ কথা ঘোষণা কৰিছে। ২০১৮ চনত মুকলি কৰাৰ পিছৰে পৰা এই কাৰ্ডখনে সৰল, স্বচ্ছ পুৰস্কাৰ আৰু নিৰৱচ্ছিন্ন সুবিধাৰ জৰিয়তে ডিজিটেল পেমেণ্টক ন ৰূপত সংজ্ঞায়িত কৰিছে। ২০২৫ চনৰ ১১ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ আমাজন পে আইচিআইচিআই বেংক ক্ৰেডিট কাৰ্ডে আন্তঃৰাষ্ট্ৰীয় লেনদেনত ফৰেক্স মাৰ্কআপ হ্ৰাস কৰিব।

এই কাৰ্ডখনে প্ৰাইম সদস্যসকলৰ বাবে আমাজন পে’ৰ জৰিয়তে বজাৰ কৰা আৰু ভ্ৰমণ বুকিঙৰ ক্ষেত্ৰত ৫% সীমাহীন কেছবেকৰ আকৰ্ষণীয় সুবিধা প্ৰদান অব্যাহত ৰাখিব, আনহাতে নন-প্ৰাইম সদস্যসকলে ৩% সীমাহীন পুৰস্কাৰ লাভ কৰিয়েই থাকিব। এই সুবিধাৰ জৰিয়তে এই কাৰ্ডখন ভাৰতৰ আটাইতকৈ পুৰস্কাৰজনক দৈনন্দিন ক্ৰেডিট কাৰ্ডৰ পৰা আপোনাৰ নিখুঁত ভ্ৰমণ সংগীলৈও বিকশিত হৈছে, যিয়ে দৈনন্দিন খৰচ আৰু ভ্ৰমণ অভিজ্ঞতা দুয়োটাতে অধিক গুৰুত্ব আৰু সকাহ প্ৰদান কৰিছে। আমাজন পে ইণ্ডিয়াৰ ক্ৰেডিট এণ্ড লেণ্ডিং শাখাৰ সঞ্চালক মায়ংক জৈনে এই পদক্ষেপৰ কথা সদৰি কৰি কয় যে, “এই সুবিধাসমূহৰ জৰিয়তে আমি ভাৰতৰ আটাইতকৈ বিশ্বাসী কো-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ডক নতুন শিখৰলৈ উন্নীত কৰিছোঁ। আমাৰ ৫ মিলিয়নৰো অধিক মূল্যৱান গ্ৰাহকে নিৰন্তৰভাৱে সীমাহীন কেছবেক, শূন্য যোগদান আৰু বাৰ্ষিক মাচুল আৰু নিৰবিচ্ছিন্ন ৰিডেম্পচনসমূহ উপভোগ কৰি আছে।”

আনহাতে, আইচিআইচিআই বেংকৰ কাৰ্ড আৰু পেমেণ্ট চল্যুচন শাখাৰ মুৰব্বী বিপুল আগৰৱালে এই বিষয়ে কয় যে, “আমাজন পে আইচিআইচিআই বেংক ক্ৰেডিট কাৰ্ড দেশৰ দ্ৰুতগতিত বৃদ্ধি পোৱা কো-ব্ৰেণ্ডেড কাৰ্ডসমূহৰ ভিতৰত অন্যতম। আমি আমাজন পেৰ সৈতে আমাৰ অংশীদাৰিত্বৰ সম্প্ৰসাৰণ কৰি আমাৰ গ্ৰাহকসকলক এক উন্নত অফাৰ আগবঢ়াবলৈ পাই অতিশয় আনন্দিত।” আমাজন পে আইচিআইচিআই বেংক ক্ৰেডিট কাৰ্ডে সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰ সহজ অভিজ্ঞতা প্ৰদান কৰিব, যিয়ে কাৰ্ড ব্যৱহাৰকাৰীৰ সমগ্ৰ সময়ছোৱা-আবেদনৰ পৰা ব্যৱহাৰ আৰু নবীকৰণলৈকে নিৰৱচ্ছিন্ন সুবিধা নিশ্চিত কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *