নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা সংশোধনক লৈ সৃষ্টি হোৱা ৰাজনৈতিক বিতৰ্কৰ মাজতে এতিয়া বিৰোধীৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শুকুৰবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছে উত্থাপন কৰা ‘ভোট চুৰি’ৰ অভিযোগ সম্পূৰ্ণৰূপে নাকচ কৰে। তেওঁ উল্লেখ কৰে যে যিহেতু এতিয়ালৈকে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পোৱাই নাই, তেনে ক্ষেত্ৰত ভোট চুৰিৰ প্ৰশ্নই নুঠে।

মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে কেৱল বুথ পৰ্যায়ৰ এজেন্টসকলক ভোটাৰ তালিকা শুদ্ধ কৰিবলৈহে নিৰ্দেশ দিছে। ইয়াৰ অৰ্থ হ’ল অযোগ্য ভোটাৰৰ নাম কৰ্তন কৰা আৰু যোগ্য ব্যক্তিক তালিকাত অন্তৰ্ভুক্ত কৰা। এয়া এক স্বাভাৱিক আইনী প্ৰক্ৰিয়া বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নিৰ্বাচন আয়োগে সদায় স্বচ্ছতাৰে এই কাম চলাই আহিছে।

কংগ্ৰেছৰ অভিযোগক বিভ্ৰান্তিকৰ বুলি আখ্যা দি শৰ্মাই কয় যে নিৰ্বাচনৰ পূৰ্বে বিৰোধীয়ে অহেতুক বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে। মুক্ত আৰু নিকা নিৰ্বাচনৰ বাবে এখন শুদ্ধ ভোটাৰ তালিকা অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰি তেওঁ ইয়াক লৈ ৰাজনীতি নকৰিবলৈ সকীয়াই দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *