গণৰাজ্য দিৱসৰ পেৰেডত বিৰোধী দলৰ নেতাক বহিবলৈ দিয়া আসনৰ স্থানক কেন্দ্ৰ কৰি কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। ২৬ জানুৱাৰীত কৰ্তব্য পথত অনুষ্ঠিত কুচকাৱাজত ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক তৃতীয় শাৰীৰ আসনত বহুওৱাক লৈ ৰাজনৈতিক মহলত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত গগৈয়ে কয় যে গণৰাজ্য দিৱসৰ দৰে অনুষ্ঠানত বিৰোধী দলৰ নেতাৰ প্ৰতি যি প্ৰটোকল পালন কৰিব লাগে, সেয়া কালি দেখা নগ’ল। তেওঁ লগতে অভিযোগ কৰে যে এনে ঘটনা বাৰে বাৰে সংঘটিত হৈছে। প্ৰধানমন্ত্ৰীয়ে সংসদক গণতন্ত্ৰৰ মন্দিৰ বুলি অভিহিত কৰি কিয় বিৰোধী দলপতিৰ মৰ্যাদাপূৰ্ণ পদক অৱজ্ঞা কৰে, সেই সন্দৰ্ভত স্পষ্টীকৰণ দিয়া উচিত বুলিও তেওঁ মন্তব্য কৰে।

ইফালে, ৰাষ্ট্ৰপতি ভৱনত আয়োজিত চাহ চক্ৰত ৰাহুল গান্ধীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰাগত ‘পটকা’ পৰিধান নকৰাক লৈ বিজেপি দলে তেওঁক তীব্ৰ আক্ৰমণ কৰে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে কয় যে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু বিদেশী অতিথিসকলে পৰম্পৰাগত বস্ত্ৰ পৰিধান কৰাৰ বিপৰীতে ৰাহুল গান্ধীয়ে সেয়া নকৰি উত্তৰ-পূবৰ প্ৰতি থকা অৱজ্ঞাৰ ভাৱ পুনৰ প্ৰকট কৰিছে। মুখ্যমন্ত্ৰীৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰ দি গৌৰৱ গগৈয়ে কয় যে সাংস্কৃতিক প্ৰতীকক লৈ ৰাজনৈতিক আক্ৰমণ কৰাটো অনুচিত। তেওঁ দাবী কৰে যে উত্তৰ-পূৰ্বাঞ্চলৰ মানুহে সংকটৰ সময়ত জননেতাৰ ভূমিকাৰ পৰাহে বিচাৰ কৰে। উত্তৰ-পূবত কিবা সমস্যা হ’লে কেৱল ৰাহুল গান্ধীকহে দেখা যায়, প্ৰধানমন্ত্ৰীক নহয় বুলিও তেওঁ মন্তব্য কৰে।বিৰোধী দলৰ প্ৰটোকল আৰু গণতান্ত্ৰিক পৰম্পৰাৰ প্ৰশ্নটোৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰাবলৈহে বিজেপি দলে এনে বিতৰ্কৰ সৃষ্টি কৰিছে বুলি কংগ্ৰেছ দলে ওলোটা অভিযোগ কৰিছে। দেশৰ এক ৰাষ্ট্ৰীয় উৎসৱক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত চলা এই বাকযুদ্ধই এতিয়া চৰ্চা লাভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *