দেশৰ ৰাজনৈতিক মহলত জোকাৰণি সৃষ্টি কৰা চৰ্চিত আবকাৰী নীতি কেলেংকাৰিৰ গোচৰৰ পৰা শুকুৰবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতে আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক সম্পূৰ্ণৰূপে দোষমুক্ত ঘোষণা কৰে। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চিবিআইয়ে তৰা এই গোচৰটোৰ পৰা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ লগতে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াকো আদালতে সন্মানেৰে মুক্তি প্ৰদান কৰিছে। এই ঐতিহাসিক ৰায়ৰ পাছতে আদালতৰ বাহিৰত সাংবাদিকৰ সৈতে কথা পাতি থকাৰ সময়তে কেজৰিৱাল আৱেগিক হৈ পৰা দেখা যায়।

বিশেষ ন্যায়াধীশ জিতেন্দ্ৰ সিঙে এই গুৰুত্বপূৰ্ণ ৰায়দান কৰি কেজৰিৱাল আৰু চিছোদিয়াৰ বিৰুদ্ধে অনা সকলো অভিযোগ খাৰিজ কৰে। দীৰ্ঘদিন ধৰি চলা এই আইনী যুঁজৰ পাছত মুক্তি লাভ কৰি অৰবিন্দ কেজৰিৱালে কয়, “আমাৰ ওপৰত বোকা ছটিওৱা হৈছিল, কিন্তু সত্যৰ সদায় জয় হয়। আদালতৰ এই ৰায়ে প্ৰমাণ কৰিছে যে কেজৰিৱাল আৰু মনীষ চিছোদিয়া দুয়ো সৎ।”

নিজৰ সততাৰ কথা দোহাৰি আৱেগিক হৈ কেজৰিৱালে কয়, “মই দুৰ্নীতিগ্ৰস্ত নহয়। গোটেই জীৱন মই কেৱল সততাহে উপাৰ্জন কৰিছোঁ।”

তেওঁ লগতে কয়, “আজি আদালতে কেজৰিৱাল, মনীষ চিছোদিয়া আৰু আম আদমী পাৰ্টীক সৎ বুলি ঘোষণা কৰিছে। অমিত শ্বাহ আৰু মোদীয়ে মিলি আপক নিঃশেষ কৰিবলৈ দেশৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক ষড়যন্ত্ৰ ৰচিছিল। এজন বাহাল থকা মুখ্যমন্ত্ৰীক ঘৰৰ পৰা চোঁচৰাই নি জে’লত ভৰোৱা হৈছিল, কিন্তু ভাৰতীয় ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছিল।”

ইফালে, মনীষ চিছোদিয়াও আদালতৰ এই সিদ্ধান্তক আদৰণি জনাই ‘সত্যমেৱ জয়তে’ বুলি মন্তব্য কৰে। মোদী চৰকাৰ আৰু কেন্দ্ৰীয় সংস্থাসমূহে তেওঁলোকক অসৎ বুলি প্ৰমাণ কৰিবলৈ সকলো ধৰণৰ চেষ্টা চলাইছিল বুলি চিছোদিয়াই অভিযোগ উত্থাপন কৰে। উল্লেখযোগ্য যে, এই গোচৰৰ বাবে দুয়োগৰাকী নেতাই তিহাৰ জে’লত দিন কটাব লগীয়া হৈছিল আৰু কেজৰিৱালে মুখ্যমন্ত্ৰী পদৰ পৰাও পদত্যাগ কৰিছিল। বৰ্তমান দিল্লীত বিজেপি নেতৃত্বাধীন ৰেখা গুপ্তাৰ চৰকাৰ চলি থকাৰ সময়তে আদালতৰ এই ৰায়ে আম আদমী পাৰ্টীক এক নতুন মাত্ৰা প্ৰদান কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *