ফ্ৰেন্স অ’পেনৰ ফাইনেলত দেওবাৰে জানিক চিনাৰক পৰাস্ত কৰি চেম্পিয়ন খিতাপ দখল কৰে কাৰ্লোছ আলকাৰাজে। ডিফেণ্ডিং চেম্পিয়ন আলকাৰাজে পৰাজয়ৰ সীমাৰ পৰা উভতি আহি বিশ্বৰ এক নম্বৰ ছিনাৰক ৪-৬, ৬-৭ (৪/৭), ৬-৪, ৭-৬ (৭/৩), ৭-৬ (১০/২) ছেটত পৰাস্ত কৰি পাঁচ ঘণ্টা ২৯ মিনিটৰ পাছত পঞ্চমটো গ্ৰেণ্ড শ্লেমৰ খিতাপ দখল কৰে। ২২ বছৰীয়া স্পেনিছ খেলুৱৈগৰাকীয়ে এতিয়া ৫খন গ্ৰেণ্ড শ্লেমৰ ফাইনেলত অপৰাজিত হৈ ছিনাৰৰ ২০খন মেচত জয়ৰ ধাৰাবাহিকতা ভংগ কৰে। ইতিহাসৰ আটাইতকৈ দীঘলীয়া ফাইনেলত আলকাৰাজে প্ৰথমবাৰৰ বাবে দুটা ছেট ডাউনৰ পৰা উভতি আহি চিনাৰক পৰাস্ত কৰে। ১৯৮২ চনত পেৰিছত অনুষ্ঠিত হোৱা ফাইনেলখন সহজেই অতিক্ৰম কৰিলে, যেতিয়া মেটছ উইলাণ্ডাৰে ৪ ঘণ্টা ৪২ মিনিটত চাৰিটা ছেটত গুইলাৰমো ভিলাছক পৰাস্ত কৰে। নতুন প্ৰজন্মৰ দুজন তাৰকাৰ মাজত অবিশ্বাস্য ডুৱেলৰ পিছত আলকাৰাজে পাঁচটা গ্ৰেণ্ড শ্লেম জয় কৰা তৃতীয় আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়। যোৱা বছৰৰ ইউ এছ অ’পেন খিতাপ আৰু বেক টু বেক অষ্ট্ৰেলিয়ান অ’পেনত জয়লাভ কৰাৰ পিছত ছিনাৰে একেৰাহে তৃতীয়বাৰৰ বাবে গ্ৰেণ্ড শ্লেম খিতাপ লাভ কৰিব নোৱাৰিলে।বিশ্বৰ শীৰ্ষ নম্বৰ স্থানৰ য়ানিক ছিনাৰে বিশ্বৰ দ্বিতীয় স্থানৰ কাৰ্লোছ আলকাৰাজৰ বিৰুদ্ধে খেলখন এক সুন্দৰ আৰম্ভণি কৰি ৬৫ মিনিটত ৬-৪ ত প্ৰথম ছেটত জয়লাভ কৰে। দ্বিতীয় ছেটত আলকাৰাজে কামবেক কৰিবলৈ বহু চেষ্টা কৰিছিল। ৬-৬ ত টাইৰ অন্তত টাই ব্ৰেকাৰে মেচখন নিৰ্ণয় কৰি ৬৯ মিনিটৰ কঠোৰ পৰিশ্ৰমৰ অন্তত ছিনাৰে ৭-৬ ত জয়লাভ কৰি মেচখনত ২-০ ছেটত অগ্ৰগতি লাভ কৰে। ০-২ ছেটত পিছ পৰি থকাৰ পাছত আলকাৰাজে তৃতীয় ছেটটোত ৬-৪ৰ ব্যৱধানত জয়লাভ কৰি পুনৰ উভতি আহিবলৈ সক্ষম হয়। চতুৰ্থ ছেটত ছিনাৰে এক সুন্দৰ আৰম্ভণি কৰি ৫-৩ ত অগ্ৰগতি লাভ কৰে। কিন্তু ইয়াৰ পিছত আলকাৰাজে এক সুন্দৰ প্ৰত্যাৱৰ্তন কৰি ৬-৬ ত সমতা স্থাপন কৰে আৰু তাৰ পিছত টাই ব্ৰেকাৰত সুন্দৰ খেল প্ৰদৰ্শন কৰি ৭-৩ ছেটত অগ্ৰগতি লাভ কৰি চতুৰ্থ ছেটত ৭-৬ ত জয়লাভ কৰে। মেচখন ২-২ ত সমতাত থকাৰ সময়তে আলকাৰাজ আৰু চিনাৰে পঞ্চম আৰু নিৰ্ণায়ক ছেটত নিজৰ শ্ৰেষ্ঠ খেল প্ৰদৰ্শন কৰে। ফাইনেল ছেটটোও ৫৩ মিনিটৰ খেলৰ অন্তত ৫-৫ ছেটত ড্ৰ’ত সমাপ্ত হয়। পঞ্চম ছেটৰ ৬৭ মিনিটত দুয়োজনে পুনৰ ৬-৬ ত সমতা স্থাপন কৰে। শেষত আলকাৰাজে টাই ব্ৰেকাৰত চিনাৰক সুযোগ নিদিলে আৰু ছেট আৰু খিতাপ দুয়োটাতে ৭-৬ৰ ব্যৱধানত জয়লাভ কৰে। Share this:FacebookX Related Post navigation ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ব্ৰিটেইনত উপস্থিত টীম ইণ্ডিয়া এবছৰৰ বাবে বাংলাদেশৰ এদিনীয়া অধিনায়কৰূপে মেহদী হাছান মিৰাজক নিযুক্তি