হাৰিয়ানাৰ ফৰিদাবাদস্থিত আল ফালাহ বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে এক বিস্ফোৰক তথ্য দাঙি ধৰিছে এনফৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ইডিয়ে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ২০২৫ চনৰ নৱেম্বৰ মাহত দিল্লীৰ লালকিল্লা অঞ্চলত হোৱা ভয়াবহ গাড়ী বিস্ফোৰণৰ সৈতে জড়িত তিনিগৰাকী চিকিৎসকক কোনো ধৰণৰ আৰক্ষীৰ ভেৰিফিকেচন বা পৰীক্ষা-নিৰীক্ষা নোহোৱাকৈয়ে নিযুক্তি দিছিল বুলি ইডিয়ে দাবী কৰিছে। শুকুৰবাৰে দিল্লীৰ আদালতত দাখিল কৰা ইডিৰ ২৬০ পৃষ্ঠীয়া চাৰ্জশ্বীটত এই চাঞ্চল্যৰ তথ্য প্ৰকাশ পাইছে।

তদন্তকাৰী সংস্থাটোৰ তথ্য অনুসৰি, বিশ্ববিদ্যালয়খনৰ হাস্পতালত কৰ্মৰত আছিল ডাঃ মুজাম্মিল গাণাই, ডাঃ শ্বাহিন ছৈয়দ আৰু ডাঃ উমৰ নবী। ইয়াৰে ডাঃ উমৰ নবী আছিল লালকিল্লাৰ সেই আত্মঘাতী বিস্ফোৰণৰ মূল অভিযুক্ত, যিয়ে বিস্ফোৰক ভৰ্তি গাড়ীখন চলাই আনিছিল। ইফালে, ডাঃ মুজাম্মিল আৰু ডাঃ শ্বাহিনক ইতিমধ্যে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এনআইএ-য়ে গ্ৰেপ্তাৰ কৰিছে আৰু বৰ্তমান তেওঁলোক ন্যায়িক জিম্মাত আছে। বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক আৰু উপাচাৰ্যই ইডিৰ আগত স্বীকাৰ কৰিছে যে এই চিকিৎসকসকলক নিযুক্তি দিয়াৰ সময়ত কোনো চৰকাৰী নীতি-নিয়ম পালন কৰা হোৱা নাছিল।

কেৱল সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্কই নহয়, আল ফালাহ বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে বৃহৎ বিত্তীয় কেলেংকাৰীৰো অভিযোগ উত্থাপন হৈছে। ইডিয়ে জনোৱা মতে, বিশ্ববিদ্যালয়খনৰ অধ্যক্ষ জাৱাদ আহমেদ ছিদ্দিকীয়ে ছাত্ৰ-ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা ৪৯৩.২৪ কোটি টকা আত্মসাৎ কৰিছে। জালিয়াতিৰ আশ্ৰয় লৈ ইউজিচি আৰু এনএএচিৰ স্বীকৃতি থকা বুলি মিছা দাবী কৰি ছাত্ৰ-ছাত্ৰীৰ পৰা এই ধন সংগ্ৰহ কৰা হৈছিল। ইডিয়ে ইতিমধ্যে বিশ্ববিদ্যালয়খনৰ প্ৰায় ১৪০ কোটি টকা মূল্যৰ ভূমি আৰু অট্টালিকা বাজেয়াপ্ত কৰিছে।

চাৰ্জশ্বীটত আৰু উল্লেখ কৰা হৈছে যে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ পৰা অনুমোদন লাভ কৰিবলৈ বিশ্ববিদ্যালয়খনে বহু ভুৱা চিকিৎসকক ‘অন পেপাৰ’ নিযুক্তি দিছিল। আনকি পৰিদৰ্শনৰ সময়ত হাস্পতালত ভুৱা ৰোগীও ভৰ্তি কৰাই থোৱা হৈছিল। ইডিয়ে চলোৱা তদন্তত ছিদ্দিকীয়ে এই সমগ্ৰ ক’লা ধনৰ লেনদেনত মুখ্য ভূমিকা পালন কৰা বুলি প্ৰমাণ পোৱা গৈছে। লালকিল্লা বিস্ফোৰণত ১৫ জন লোকৰ মৃত্যু হোৱাৰ পাছত এই সন্ত্ৰাসবাদী সংযোগে এতিয়া সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *