মিজোৰামৰ ৰাজধানী আইজলক দেশৰ ৰে’ল নেটৱৰ্কৰ সৈতে সংযোগ কৰাৰ উদ্দেশ্যে ৫১.৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৈৰবি-ছৈৰাং ৰে’লপথ নিৰ্মাণৰ কাম ভৌগোলিক আৰু লজিষ্টিক প্ৰত্যাহ্বান অতিক্ৰম কৰি এতিয়া সম্পূৰ্ণ হৈ উঠিছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এজন বিষয়াই কয় যে ৰে’ল সুৰক্ষা আয়ুক্তৰ অনুমোদন সাপেক্ষে এই লাইন সাজু হৈছে আৰু অতি সোনকালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব। এই ৰেলপথ মুকলি হোৱাৰ পাছতে শিলচৰ হৈ ৰেলযোগে আইজললৈ গৈ ৰাজ্যৰ প্ৰাকৃতিক সৌন্দৰ্য্য, সাংস্কৃতিক বৈচিত্ৰ্য, পাহাৰ আৰু ঘন বনাঞ্চল উপভোগ কৰিব পাৰিব।

এই লাইন সম্পূৰ্ণ হোৱাৰ লগে লগে মিজোৰাম উত্তৰ-পূবৰ চতুৰ্থখন ৰাজ্য হিচাপে পৰিগণিত হৈছে, য’ত ৰাষ্ট্ৰীয় ৰে’ল নেটৱৰ্কৰ সৈতে ৰাজধানী সংযুক্ত হৈছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে। এন এফ আৰৰ তথ্য অনুসৰি এই লাইনত ১২.৮৫৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৪৮টা সুৰংগ, ৫৫খন মেজৰ আৰু ৮৭খন সৰু দলং, ৫খন ৰোড অভাৰব্ৰিজ আৰু ৯খন ৰোড আণ্ডাৰব্ৰিজ আছে। ইয়াৰে এখন দলঙৰ উচ্চতা ১০৪ মিটাৰ, যিটো কুতুব মিনাৰতকৈ ৪২ মিটাৰ অধিক।

এনএফআৰে কয় যে এই নতুন লাইনে মিজোৰামৰ জনসাধাৰণক উন্নত যাতায়ত আৰু সুলভতাৰে উপকৃত কৰাই নহয়, অঞ্চলটোৰ ভিতৰত গতিশীলতাও বৃদ্ধি কৰিব। ইয়াৰ উপৰিও স্থানীয় পৰ্যটনেও লাভ কৰিব গতি। এনএফআৰে কয় যে এই অভূতপূৰ্ব অভিযানে উত্তৰ-পূবৰ ৰাজ্যসমূহত বাণিজ্যিক কাৰ্যকলাপ, অৰ্থনৈতিক উন্নয়ন আৰু ৰে’লৰ সংযোগ শক্তিশালী কৰিব, কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব আৰু ষ্টেচন আৰু সামগ্ৰী চেডৰ ওচৰত ক্ষুদ্ৰ ব্যৱসায়িক প্ৰসাৰ ঘটাব।

Leave a Reply

Your email address will not be published. Required fields are marked *