ৰাজ্যৰ ৰাজনীতিৰ আন এক গুৰুত্বপূৰ্ণ দল হৈছে এ আই ইউ ডি এফ । বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটোৱে ৰাজ্যৰ ৰাজনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । সেয়ে এই দলটোৰ ওপৰত সকলোৰে দৃষ্টি থাকে । অৱশ্যে এইবাৰ কোনো মিত্ৰজোঁটত নাই আজমলৰ দলটো । কিন্তু তথাপিও দলটোৱে নিৰ্বাচনত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ যে পেলাব সেইটো খাটাং । সেয়ে দলীয় প্ৰাৰ্থীক লৈ সকলো দলে একপ্ৰকাৰ উদগ্ৰীৱ হৈ আছে । তাৰ মাজতে এ আই ইউ ডি এফে প্ৰকাশ কৰিছে প্ৰথমখন প্ৰাৰ্থী তালিকা । ৯ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰি দলটোৱে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে ।প্ৰথমখন তালিকাত ৯ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে দলটোৱে । Share this:FacebookX Related Post navigation গুড়ৰ উপকাৰী গুণৰ বিষয়ে জানেনে কংগ্ৰেছ দলৰ প্ৰাৰ্থী অশোক শৰ্মাক আটক কৰিছে আৰক্ষীয়ে