আহমেদাবাদৰ এই ভয়ংকৰ দুৰ্ঘটনাৰ হৃদয় বিদাৰক দৃশ্যই এতিয়াও কঁপাই তোলে প্ৰতিজন মানুহৰ হৃদয়। আজি পুৱা যেন তেনে এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰাই কথমপি প্ৰাণ ৰক্ষা পৰিল এয়াৰ ইণ্ডিয়াৰ এখন বিমান। কোনো ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্বেই অৱশ্যে পাইলটে বিমানখনৰ জৰুৰীকালীন অৱতৰণ কৰিবলৈ সক্ষম হয়।এয়াৰ ইণ্ডিয়াৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়া মতে, দিল্লীৰ পৰা মুম্বাইলৈ উৰণ আৰম্ভ কৰিছিল কোম্পানীটোৰ বিমান AI887। কিন্তু বিমানখন উৰণৰ ঠিক পিছতে কাৰিকৰী সমস্যাৰ বাবে মানক পৰিচালনা পদ্ধতি অনুসৰি দিল্লী বিমানবন্দৰলৈ ঘূৰাই অনা হয় আৰু জৰুৰীকালীন অৱতৰণ কৰা হয়।বিমানখন নিৰাপদে দিল্লীত অৱতৰণ কৰাৰ পিছত যাত্ৰী আৰু ক্ৰু মেম্বাৰসকলক নিৰাপদে উলিয়াই অনা হয়। জানিব পৰা মতে উৰণৰ কিছু সময়ৰ পাছতে বিমানখনৰ এটা ইঞ্জিন বিকল হৈ পৰে আৰু ইয়াৰ ফলতে বিমানখনে দিল্লীলৈ উভতি যাবলৈ বাধ্য হয়। Share this:FacebookX Related Post navigation জেলৰ পৰা ওলাব পাৰে অমৃতপ্ৰভা মহন্ত বিদেশী ন্যায়াধিকৰণৰ ঘোষণাৰ পাছতেই তৎপৰ প্ৰশাসনঃ দুই বাংলাদেশী মহিলাক ২৪ ঘণ্টাৰ ভিতৰত দেশত্যাগৰ নিৰ্দেশ