পাকিস্তান কর্তৃপক্ষই ভাৰতীয় বিমানৰ বাবে দেশখনৰ আকাশমাৰ্গ বন্ধ ৰখাৰ সিদ্ধান্তৰ ম্যাদ ২৩ ছেপ্তেম্বৰলৈ বৃদ্ধি কৰিছে। পাকিস্তানৰ বিমানবন্দৰ কৰ্তৃপক্ষই এই নিষেধাজ্ঞা এমাহৰ বাবে বৃদ্ধি কৰাৰ সিদ্ধান্ত সদৰি কৰি বিমান চালকসকললৈ জাননী জাৰি কৰিছে। এই জাননী অনুসৰি ভাৰতীয় বিমান সংস্থাসমূহে পৰিচালনা কৰা কোনো বিমানকে পাকিস্তানৰ আকাশমার্গ ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব। ভাৰতীয় মালিকানাধীন আৰু আনকি লিজত থকা সামৰিক আৰু অসামৰিক বিমানৰ ক্ষেত্ৰতো এই নিষেধাজ্ঞা বাহাল থাকিব বুলি পাকিস্তানৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। Share this:FacebookX Related Post navigation আমাজন এমএক্স প্লেয়াৰৰ সৈতে এক কৌশলগত অংশীদাৰিত্বৰে ভি মুভিজ এণ্ড টিভি ভংগ হ’ল ভাৰতীয় ক্ৰিকেটৰ আন এক দেৱাল