ইৰানত অব্যাহত থকা চৰকাৰ বিৰোধী উত্তাল প্ৰতিবাদ আৰু দেশখনৰ আকাশমাৰ্গ বন্ধ কৰি দিয়াৰ খবৰে এতিয়া আন্তঃৰাষ্ট্ৰীয় যাত্ৰীসকলৰ মাজত ব্যাপক উৎকণ্ঠাৰ সৃষ্টি কৰিছে। পশ্চিম এছিয়াত বৃদ্ধি পোৱা নিৰাপত্তাজনিত উদ্বেগৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় বিমান পৰিবহন সংস্থা এয়াৰ ইণ্ডিয়াই বৃহস্পতিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰ অভিমুখী অতি কমেও তিনিখন বিমান বাতিল কৰাৰ সিদ্ধান্ত লয়। ইৰানৰ আকাশমাৰ্গ হঠাৎ বন্ধ কৰি দিয়াৰ ফলত দেশখনৰ ওপৰেৰে চলাচল কৰিবলগীয়া বিমানসমূহ এতিয়া বিকল্প পথেৰে যাবলগীয়া হৈছে, যাৰ ফলত ইউৰোপীয় সেৱাসমূহতো বিলম্ব হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। এয়াৰ ইণ্ডিয়াৰ সূত্ৰই জনোৱা মতে, দিল্লীৰ পৰা নিউয়ৰ্ক আৰু নিউৱাৰ্কলৈ যাবলগীয়া দুখন বিমান আৰু মুম্বাইৰ পৰা নিউয়ৰ্কলৈ যাবলগীয়া এখন বিমান বাতিল কৰা হৈছে।

এয়াৰ ইণ্ডিয়াই ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰা মতে, যাত্ৰীৰ সুৰক্ষাক অগ্ৰাধিকাৰ দি তেওঁলোকে ইৰানৰ পৰিৱৰ্তে বিকল্প পথ ব্যৱহাৰ কৰিছে। ইয়াৰ ফলত বিমানৰ যাত্ৰাৰ সময় বৃদ্ধি পোৱাৰ লগতে অধিক ইন্ধনৰ প্ৰয়োজন হ’ব পাৰে। উদ্যোগ বিশেষজ্ঞসকলৰ মতে, ইৰানৰ আকাশমাৰ্গ ভাৰতৰ সৈতে ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ সংযোগৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। যিহেতু পাকিস্তানৰ আকাশমাৰ্গ ইতিমধ্যে বন্ধ হৈ আছে, সেয়েহে ইৰানো বন্ধ হোৱাৰ ফলত ভাৰতীয় বিমানসমূহৰ বাবে পশ্চিমীয়া দেশলৈ যোৱাটো এতিয়া এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে।

ইফালে, ইৰানত চৰকাৰ বিৰোধী আন্দোলন তীব্ৰতৰ হৈ পৰাৰ বাবে ভাৰত চৰকাৰে ইতিমধ্যে নিজৰ নাগৰিকসকলক দেশখনলৈ যাত্ৰা নকৰিবলৈ কঠোৰ পৰামৰ্শ আগবঢ়াইছে। এক প্ৰতিবেদন অনুসৰি, ইৰানত চলি থকা এই প্ৰতিবাদত এতিয়ালৈকে প্ৰায় ২,৫০০ ৰো অধিক লোকৰ মৃত্যু ঘটিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও ইৰানক সকীয়াই দিছে যে নিৰীহ প্ৰতিবাদকাৰীৰ ওপৰত কৰা দমনৰ বাবে আমেৰিকাই সামৰিক ব্যৱস্থা ল’বলৈ কুণ্ঠাবোধ নকৰে। এয়াৰ ইণ্ডিয়াই সমগ্ৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আৰু যাত্ৰীসকলক বিমানকোঠলৈ যোৱাৰ পূৰ্বে নিজৰ বিমানৰ স্থিতি পৰীক্ষা কৰি ল’বলৈ অনুৰোধ জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *