এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে গুৱাহাটীৰ পৰা বিমান যাত্ৰাৰ সংখ্যা বৃদ্ধি কৰি শীতকালীন বিমানসূচী প্ৰকাশ কৰিছে। এতিয়া সাপ্তাহিকভাৱে ১০৫খনতকৈও অধিক বিমান সেৱা আগবঢ়াইছে এয়াৰ ইণ্ডিয়াই, যোৱা বছৰৰ শীতকালত চলাচল কৰা ৬৩খন বিমানৰ তুলনাত এইবেলি যথেষ্ট বৃদ্ধি পাইছে। এই পৰিসংখ্যাই বিমান সংস্থাটোৱে এই অঞ্চলটোৰ প্ৰতি শক্তিশালী মনোনিৱেশক প্ৰতিফলিত কৰিছে। গুৱাহাটীৰ পৰা বিমান সংস্থাটোৰ সম্প্ৰসাৰিত নেটৱৰ্কৰ জৰিয়তে বেংগালুৰু, চেন্নাই, দিল্লী, ইম্ফল, জয়পুৰ আৰু কলকাতাৰ দৰে গুৰুত্বপূৰ্ণ স্বদেশী চহৰসমূহৰ সৈতে প্ৰত্যক্ষ সংযোগৰ লগতে আৰু ১৮টা গন্তব্যস্থানলৈ ৱান ষ্টপ বিকল্পও অন্তৰ্ভুক্ত কৰিছে। এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ মুখ্য বাণিজ্যিক বিষয়া ড০ অংকুৰ গাৰ্গে নিজৰ অভিমত প্ৰকাশ কৰি কয় যে, “এই সম্প্ৰসাৰণ উত্তৰ-পূৰ্বাঞ্চলৰ মানুহক সংযোগ আৰু অৰ্থনীতি উন্নীতকৰণৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ প্ৰমাণ। গুৱাহাটীৰ বজাৰত ২৫% অংশীদাৰিত্বৰে আমি অঞ্চলটোৰ বাণিজ্য আৰু পৰ্যটনক আগুৱাই নিয়াৰ প্ৰয়াস কৰিছো৷” উঃ-পূবৰ প্ৰধান অৰ্থনৈতিক কেন্দ্ৰ হিচাপে গুৱাহাটীয়ে বৰ্ধিত বিমান সংযোগৰ ফলত যথেষ্ট লাভৱান হ’ব পাৰে, এই বিমান চলাচলে কেৱল পৰ্যটনৰ সুবিধাই বৃদ্ধি কৰাই নহয়, লগতে ব্যৱসায়ীসকলক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ-স্থানত অধিক প্ৰৱেশৰ সুবিধা প্ৰদান কৰিব। বিমান পৰিচালনা-ব্যৱস্থাৰ এই উত্থানে উত্তৰ-পূবৰ অপৰিহাৰ্য দুৱাৰমুখ হিচাপে গুৱাহাটীৰ স্থিতি আৰু অধিক সুদৃঢ় কৰি তুলিব, যাৰ ফলত বাণিজ্য আৰু ভ্ৰমণৰ বাবে এক গুৰুত্বপূৰ্ণ স্থান হিচাপে পৰিগণিত হ’ব। এয়াৰলাইনৰ শীতকালীন সূচীত নিজৰ নেটৱৰ্কত মুঠ বিমান চলাচলৰ সংখ্যা বৃদ্ধি পাইছে। আবু ধাবি, মাস্কট আৰু ছিংগাপুৰৰ দৰে আন্তঃৰাষ্ট্ৰীয় গন্তব্যস্থান আৰু নতুন নতুন পথলৈ বিমান চলাচল বৃদ্ধি কৰি দৈনিক ৪০০ৰো অধিক বিমান সেৱা আগবঢ়োৱা হৈছে। Share this:FacebookX Related Post navigation শ্লাইচৰ সৈতে একত্ৰিকৰণৰ পিছত এনইএছএফবিৰ উত্থান, উত্তৰ-পূবৰ ব্যৱসায়িক ক্ষেত্ৰত শক্তিশালী কৰিছে নিজৰ স্থান মহিলা উদ্যোগীক সবলীকৰণঃ বিহাৰত গিৰিৰাজ সিঙে উদ্বোধন জীৱিকা দিদি প্ৰশিক্ষণ কেন্দ্ৰ