আকাশত নিজৰ কৰ্তব্য পালন কৰি থকা অৱস্থাতে প্ৰাণ আহুতি দিয়া এজন সাহসী বৈমানিকক আজি চকুলোৰে বিদায় জনালে সমগ্ৰ দেশবাসীয়ে। অসমৰ কাৰ্বি আংলং জিলাত সুখয়-৩০ এমকেআই যুঁজাৰু বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ফ্লাইট লেফটেনেণ্ট পূৰ্বেশ দুৰগকাৰৰ নশ্বৰ দেহ শনিবাৰে তেওঁৰ গৃহ চহৰ নাগপুৰত সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। মানেৱাড়া ঘাটত পৰিয়ালৰ সদস্য, সতীৰ্থ প্ৰতিৰক্ষা কৰ্মী আৰু গুণমুগ্ধৰ উপস্থিতিত এই বীৰ জোৱানগৰাকীক শেষ বিদায় জনোৱা হয়। যোৱা বৃহস্পতিবাৰে যোৰহাট বিমান ঘাটিৰ পৰা প্ৰশিক্ষণৰ বাবে উৰা মৰাৰ কিছু সময় পাছতেই ৰাডাৰৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল যুঁজাৰু বিমানখন। এই মৰ্মান্তিক দুৰ্ঘটনাত পূৰ্বেশ দুৰগকাৰৰ লগতে স্কোয়াড্ৰন লিডাৰ অনুজেও প্ৰাণ হেৰুৱায়। শুকুৰবাৰে নতুন দিল্লীত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত ২৮ বছৰীয়া এই বিষয়াগৰাকীৰ নশ্বৰ দেহ নাগপুৰৰ সোনেগাঁও বায়ুসেনা ঘাটিলৈ অনা হয় আৰু তাৰ পৰাই তেওঁৰ বাসগৃহলৈ লৈ যোৱা হয়। পূৰ্বেশ কেৱল এজন দক্ষ পাইলটেই নাছিল, বৰঞ্চ দেশৰ সুৰক্ষাৰ বাবেও তেওঁৰ অৱদান আছিল অতুলনীয়। যোৱা বছৰ পেহেলগাম আক্ৰমণৰ পাছত পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰ লক্ষ্য কৰি চলোৱা ‘অপাৰেশ্যন সিন্দূৰ’ত তেওঁ সক্ৰিয়ভাৱে অংশ লৈছিল। নাগপুৰৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰশেখৰ বাৱনকুলে বীৰ জোৱানগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই কয় যে তেওঁৰ সাহস আৰু দেশপ্ৰেম দেশৰ যুৱ প্ৰজন্মৰ বাবে চিৰদিন অনুপ্ৰেৰণা হৈ ৰ’ব। সামৰিক পৰম্পৰা অনুসৰি জোৱানসকলে শূন্যলৈ গুলী বৰ্ষণ কৰি এই সাহসী বৈমানিকগৰাকীক শেষ চালাম জনায়। দেশমাতৃৰ সুৰক্ষাৰ বাবে উৎসৰ্গিত এজন তৰুণ বিষয়াৰ এনে অকাল বিয়োগে এতিয়া সমগ্ৰ দেশতে শোকৰ ছাঁ পেলাইছে। Share this:FacebookX Related Post navigation পশ্চিম এছিয়াৰ সংঘাতৰ ফলত বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পৰিছে “ৰাজ্যত ভয়ৰ বাতাৱৰণ” — সাধাৰণ ৰাইজ মুখ খুলিবলৈ ভয় কৰে বুলি মন্তব্য গৌৰৱ গগৈৰ