পুনৰ মৃত্যুৰ বিভীষিকা নমাই আনিলে আকাশী যাত্ৰাই! সোমবাৰে সন্ধিয়া ঝাৰখণ্ডৰ চতৰা জিলাৰ এখন বনাঞ্চলত ৰোগী কঢ়িয়াই নিয়া এখন এয়াৰ এম্বুলেন্স দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত এটি শিশুসহ সাতগৰাকী লোকৰ কৰুণ মৃত্যু ঘটে। ৰাঁচীৰ পৰা দিল্লী অভিমুখে যাত্ৰা কৰা বিমানখনে উৰণৰ কিছু সময় পাছতে ৰাডাৰৰ সৈতে সম্পৰ্ক হেৰুৱাই এই মৰ্মান্তিক দুৰ্ঘটনাটোৰ সন্মুখীন হয়।

ৰেডবাৰ্ড এয়াৰৱেজ প্ৰাইভেট লিমিটেডৰ দ্বাৰা পৰিচালিত এই এয়াৰ এম্বুলেন্সখনত দুজন পাইলট, এজন চিকিৎসক, এজন নাৰ্চিং ষ্টাফ আৰু এজন ৰোগীৰ লগতে তেওঁৰ দুজন পৰিচাৰক আছিল। চতৰা জিলাৰ ছিমাৰিয়া থানা এলেকাৰ গভীৰ অৰণ্যৰ মাজত বিমানখন খহি পৰাৰ তথ্য নিশ্চিত কৰে চতৰাৰ আৰক্ষী অধীক্ষক সুমিত আগৰৱালাই। আৰক্ষীৰ মতে, প্ৰতিকূল বতৰৰ বাবেই হয়তো পাইলটে বিমানখনৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল।

নিহতসকলক ক্ৰমে কেপ্তেইন বিবেক বিকাশ ভগত, কেপ্তেইন সৱৰাজদীপ সিং, ৰোগী সঞ্জয় কুমাৰ, অৰ্চনা দেৱী, ধীৰু কুমাৰ, ডাঃ বিকাশ কুমাৰ গুপ্তা আৰু শচীন কুমাৰ মিশ্ৰ বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাৰ পাছতে বাৰাণসী আকাশমাৰ্গত বিমানখনৰ সৈতে যোগাযোগ বিছিন্ন হৈ পৰিছিল। বৰ্তমান দুৰ্ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আছে।

ইতিমধ্যে এই শোকাবহ ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ উচ্চস্তৰীয় তদন্ত আৰম্ভ কৰিছে সংশ্লিষ্ট বিভাগে। যান্ত্ৰিক বিজুতি নে বতৰৰ বিসংগতিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হ’ল, সেয়া তদন্তৰ পাছতহে স্পষ্ট হ’ব। আকাশমাৰ্গত ঘটা এই ভয়াৱহ দুৰ্ঘটনাই এতিয়া সমগ্ৰ দেশতে শোকৰ ছাঁ পেলাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *