বিতৰ্কিত ছবি ‘দ্য কেৰালা ষ্ট’ৰী’ৰ দ্বিতীয়টো খণ্ডৰ মুক্তিৰ পূৰ্বে এতিয়া সৃষ্টি হৈছে এক তীব্ৰ আইনী জটিলতা। অহা ২৭ ফেব্ৰুৱাৰীত ছবিখন মুক্তি পোৱাৰ কথা আছিল যদিও ইয়াৰ বিৰুদ্ধে কেৰেলা উচ্চ ন্যায়ালয়ত ধাৰাবাহিক আবেদন দাখিল হোৱাত ছবিখনৰ ভৱিষ্যতক লৈ প্ৰশ্নচিহ্নৰ সৃষ্টি হৈছে। ইয়াৰ প্ৰত্যুত্তৰত মঙলবাৰে ছবিখনৰ প্ৰযোজক বিপুল অমৃতলাল শ্বাহে এখন শপতনামা দাখিল কৰি স্পষ্ট কৰি দিয়ে যে কেৱল দুই মিনিটৰ এটা টিজাৰ চাই সমগ্ৰ ছবিখনৰ মুক্তি বন্ধ কৰাটো অনুচিত। প্ৰযোজক শ্বাহে আদালতত দাখিল কৰা শপতনামাত উল্লেখ কৰা মতে, চেন্সৰ বোৰ্ড বা চিবিএফচি হ’ল ছবি পৰীক্ষা কৰাৰ একমাত্ৰ বিশেষজ্ঞ কৰ্তৃপক্ষ। তেওঁ কয়, “আদালতৰ তদাৰকী অধিকাৰে কোনো বিশেষজ্ঞ কৰ্তৃপক্ষৰ সিদ্ধান্তক নস্যাৎ কৰি ছবিখনৰ বিষয়বস্তুৰ মূল্যায়ন কৰিব নোৱাৰে।” তেওঁ লগতে কয়, “সম্পূৰ্ণ ছবিখন নোচোৱাকৈ কেৱল টিজাৰৰ ওপৰত ভিত্তি কৰি ছবিখনৰ মুক্তি স্থগিত কৰিলে দেশৰ ১৮০০ ছবিগৃহৰ লগতে বিতৰকসকল অপূৰণীয় অৰ্থনৈতিক ক্ষতিৰ সন্মুখীন হ’ব।” ইফালে, উচ্চ ন্যায়ালয়ে মঙলবাৰে এক মৌখিক পৰ্যবেক্ষণত জনাইছিল যে ছবিখনৰ টিজাৰে সাম্প্ৰদায়িক সম্প্ৰীতিৰে ভৰা কেৰেলাৰ দৰে এখন ৰাজ্যক ভুল ৰূপত চিত্ৰিত কৰিছে। ছবিখনৰ নাম সন্দৰ্ভত প্ৰযোজকগৰাকীয়ে যুক্তি দি কয়, “দ্য কেৰালা ষ্ট’ৰী ২: গ’জ বিয়ণ্ড নামটোৰ ‘গ’জ বিয়ণ্ড’ শব্দটো কেৱল সৌন্দৰ্যবৰ্ধনৰ বাবে ব্যৱহাৰ কৰা হোৱা নাই।” তেওঁ লগতে কয়, “ইয়াৰ দ্বাৰা স্পষ্ট কৰা হৈছে যে ছবিখনৰ কাহিনী কেৰেলাৰ ভৌগোলিক পৰিসীমাৰ বাহিৰলৈও বিস্তৃত হৈ আছে।” উল্লেখ্য যে কান্নুৰৰ এজন যুৱকৰ লগতে তিনিগৰাকী আবেদনকাৰীয়ে ছবিখনৰ মুক্তি আৰু ইয়াৰ নাম সলনিৰ দাবীত আবেদন জনাইছিল। আবেদনকাৰীৰ মতে, এই ছবিয়ে সমগ্ৰ ৰাজ্যখনৰ জনসংখ্যাক কলংকিত কৰাৰ সম্ভাৱনা আছে। বুধবাৰে বিয়লি ৩ বজাত ন্যায়াধীশ বেচু কুৰিয়ান থমাছে এই আবেদনসমূহৰ ওপৰত চূড়ান্ত শুনানি গ্ৰহণ কৰিব। Share this:FacebookX Related Post navigation ‘কেৰালাম’ হ’লে বাসিন্দাসকলক কি বুলি মাতিব? থাৰুৰৰ শব্দ-বিভ্ৰান্তিৰ প্ৰত্যুত্তৰত জন ব্ৰিটানৰ তীব্ৰ কটাক্ষ ট্ৰলী বেগত ৪ কোটি টকা লুকুৱাইও নহ’ল ৰক্ষা; উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল খনি বিষয়া