অসম বা উত্তৰ-পূৰ্বাঞ্চলেই নহয়, বাংলাদেশৰ পৰা হোৱা অবৈধ অনুপ্ৰৱেশৰ সমস্যা এতিয়া পশ্চিম বংগ, দিল্লী, মধ্যপ্ৰদেশ, ছত্তীছগড় আৰু ৰাজস্থানলৈকো বিয়পি পৰিছে। শনিবাৰে গুৱাহাটীত সংবাদ মাধ্যমক সম্বোধন কৰি এই চাঞ্চল্য্যকৰ মন্তব্য কৰে অসম বিধানসভাৰ উপাধ্যক্ষ ড° নুমল মমিনে। অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ কৰাৰ বাবে সমগ্ৰ দেশতে ‘বিশেষ নিবিড় পুনৰীক্ষণ’ বা এছআইআৰ প্ৰক্ৰিয়া ৰূপায়ণ কৰিবলৈ তেওঁ দাবী জনায়।

অসমত চলি থকা ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ মাজতে মমিনে অভিযোগ কৰে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ‘ভুল ৰণনীতি’ৰ বাবে আজি খিলঞ্জীয়াসকলে চৰম দুৰ্দশা ভোগ কৰিবলগীয়া হৈছে। তেওঁৰ মতে, অতীতৰ ৰাজনৈতিক কুচকাৱাজৰ বাবেই ৰাজ্যত জনগাঁথনিৰ পৰিৱৰ্তন ঘটিছে আৰু ইয়াৰ পৰিণাম এতিয়া থলুৱা ৰাইজে বহন কৰিছে। এই সমস্যা এতিয়া কেৱল এটা অঞ্চলতে আৱদ্ধ হৈ থকা নাই বুলিও তেওঁ সতৰ্ক কৰি দিয়ে।

উপাধ্যক্ষগৰাকীয়ে যুক্তি দিয়ে যে অনুপ্ৰৱেশকাৰীৰ সমস্যাটো এতিয়া এক ৰাষ্ট্ৰীয় সংকটত পৰিণত হৈছে। ইয়াৰ স্থায়ী সমাধানৰ বাবে দেশজুৰি এক শক্তিশালী ভেৰিফিকেচন মেকানিজমৰ প্ৰয়োজন বুলি উল্লেখ কৰি তেওঁ কয় যে এছআইআৰ ব্যৱস্থাটো সমগ্ৰ ভাৰতত প্ৰয়োগ কৰিলেহে অবৈধ অনুপ্ৰৱেশকাৰীক পদ্ধতিগতভাৱে চিনাক্ত কৰি দেশৰ পৰা উলিয়াই পঠোৱাটো সম্ভৱ হ’ব।

নিৰ্বাচনৰ প্ৰাকক্ষণত জনগাঁথনি আৰু নিৰাপত্তাক লৈ নুমল মমিনে কৰা এই মন্তব্যই এতিয়া ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এফালে উচ্চতম ন্যায়ালয়ে এছআইআৰৰ আবেদন খাৰিজ কৰিছে আৰু আনফালে বিজেপিৰ এজন দায়িত্বশীল নেতাই ইয়াক দেশজুৰি বলবৎ কৰাৰ পোষকতা কৰাটো বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *