বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমানে বাংলাদেশৰ মূল ৰাজনৈতিক দল বাংলাদেশ নেচনেলিষ্ট পাৰ্টি ( বি এন পি)ক সংসদীয় নিৰ্বাচনত প্ৰথমবাৰৰ বাবে নেতৃত্ব দিয়ে। প্ৰথমবাৰতে তেওঁ বৃহৎ সফলতা অৰ্জন কৰে। আনকি এই নির্বাচনতো তেওঁ প্রথমবাৰৰ বাবে অংশগ্রহণো কৰে৷ তাৰিকেৰ নেতৃত্বত বিএনপিয়ে ঐতিহাসিক জয় লাভ কৰিছে। এই জয়েৰে তাৰিক ৰহমান বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী হ’ব পাৰে। অৱশ্যে শ্বেখ হাছিনাৰ আৱামি লীগক নিৰ্বাচনত অৱতীৰ্ণ হোৱাত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতহে বিএনপিয়ে বৃহৎ জয় লাভ কৰিছে। মাতৃ খালেদা জিয়াৰ মৃত্যুৰ পিছত নিৰ্বাচনৰ মাত্ৰ কেইমাহমান পূৰ্বে তাৰিকে দলটোৰ দায়িত্ব লয়। দলৰ সাংগঠনিক কাৰ্যসূচী আৰু সমগ্ৰ নিৰ্বাচনী প্ৰচাৰ তেওঁ তদাৰক কৰে। তাৰিক সমৰ্থকসকলে তেওঁক বাংলাদেশৰ সম্ভাৱ্য প্ৰধানমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰি আছিল। তাৰিকক দলৰ একমাত্ৰ নেতা হিচাপে উপস্থাপন কৰিছে বিএনপিয়ে। কিন্তু ৰাজনৈতিক বিৰোধীসকলে ৰহমানৰ পূৰ্বৰ দুৰ্নীতিৰ অভিযোগ আৰু শিক্ষাগত অৰ্হতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। অৱশ্যে পূৰ্বৰ আৱামি লীগ চৰকাৰৰ অপপ্ৰচাৰ বুলি ৰহমান আৰু তেওঁৰ দল বিএনপিয়ে সকলো দুৰ্নীতিৰ অভিযোগ খাৰিজ কৰি আহিছে। প্ৰায় ১৭ বছৰ ধৰি লণ্ডনত ৰাজনৈতিক আশ্ৰয় লৈছিল ৰহমানে। বাংলাদেশৰ প্ৰথম সামৰিক শাসক তথা প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমান আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ জ্যেষ্ঠ পুত্ৰ তাৰিক জন্ম হৈছিল ১৯৬৫ চনৰ ২০ নৱেম্বৰত। বিএনপিৰ ৱেবছাইটত তালিকাভুক্ত তেওঁৰ জন্ম তাৰিখ। কিন্তু এই তাৰিখ থকাৰ পিছতো তেওঁৰ নিৰ্বাচনী শপতনামাত তেওঁৰ জন্ম বছৰটো ১৯৬৮ বুলি উল্লেখ কৰা হৈছে। বিএনপিৰ ৱেবছাইটত উল্লেখ আছে যে ঢাকাৰ বিএএফ শ্বাহীন কলেজত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পিছত তাৰিকে ঢাকা বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিভাগত নামভৰ্তি কৰে। কিন্তু তাতেই তেওঁ পঢ়া-শুনা সম্পূৰ্ণ কৰিলে নে নাই সেই সম্পৰ্কে কোনো তথ্য পোৱা নগ’ল। আনহাতে, নিৰ্বাচন আয়োগক দিয়া শপতনামাত তাৰিকে তেওঁৰ শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক অৰ্থাৎ দ্বাদশ শ্ৰেণী বুলি তালিকাভুক্ত কৰিছে। বিএনপিৰ পৰা লাভ কৰা তথ্য অনুসৰি মুক্তিযুদ্ধৰ সময়ত জিয়াউৰ ৰহমানৰ পৰিয়ালৰ লগতে আন বহু সামৰিক বিষয়াৰ পৰিয়ালো কাৰাগাৰত বন্দী হৈছিল। তেওঁৰ দুয়োজন পুত্ৰ তাৰিক ৰহমান আৰু আৰাফাত ৰহমান (প্ৰয়াত)ক কাৰাগাৰত বন্দী কৰা হৈছিল। দলটোৰ ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি সামৰিক শাসক হুছেইন মহম্মদ এৰছাদৰ বিৰুদ্ধে আন্দোলনত অংশ লৈ তাৰিকে ১৯৮৮ চনত বাগুদা জিলাৰ বিএনপিৰ গাৱাতলী মহকুমা ইউনিটৰ সদস্য হিচাপে আনুষ্ঠানিকভাৱে দলত যোগদান কৰে। অৱশ্যে কেইবাজনো দলীয় নেতা আৰু ৰাষ্ট্ৰপতি উপদেষ্টা পৰিষদৰ একাংশ সদস্যই উল্লেখ কৰিছে যে তাৰিক দলৰ ৰাজনীতিৰ যাত্ৰা ১৯৯১ চনৰ সংসদীয় নিৰ্বাচনৰ পৰাই আৰম্ভ হৈছিল। সেই সময়ত খালেদাই পাঁচখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল, আৰু তাৰিক তাৰ তদাৰকীৰ দায়িত্ব আছিল। কিন্তু ২০০১ চনৰ সংসদীয় নিৰ্বাচনৰ লগে লগে দলীয় ৰাজনীতিত তেওঁৰ প্ৰভাৱ শক্তিশালী হ’বলৈ ধৰিলে। সেই বছৰ বিএনপি নেতৃত্বাধীন চাৰিদলীয় মিত্ৰজোঁটে দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰে। বিএনপি চৰকাৰৰ সেই একেটা কাৰ্যকালতে হাৱা মেহেল বিষয়ক লৈ তাৰিক ৰহমান আৰু তেওঁৰ ঘনিষ্ঠ লোকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল, যিটো পিছলৈ দেশজুৰি বিতৰ্কৰ বিষয় হৈ পৰিছিল। ২০০১ চনৰ নিৰ্বাচনৰ পিছৰে পৰা দলটোৰ লগত তাৰিক ৰহমান অধিকভাৱে জৰিত হ’বলৈ ধৰে। ২০০২ চনৰ ২২ জুনত তেওঁক জ্যেষ্ঠ যুটীয়া সাধাৰণ সম্পাদকৰ পদত নিযুক্তি দিয়া হয়। সামৰিক সমৰ্থিত কেয়াৰটেকাৰ চৰকাৰৰ কাৰ্যকালত ২০০৭ চনত বাংলাদেশত দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল তাৰিক ৰহমান। প্ৰায় ১৭ মাহ কাৰাগাৰত থকাৰ পিছত ২০০৮ চনৰ ছেপ্টেম্বৰ মাহত মুক্তি পোৱাৰ লগে লগে তেওঁ পৰিয়ালৰ সৈতে লণ্ডনলৈ গুচি যায়। প্ৰায় ১৭ বছৰৰ পাছত যোৱা বছৰৰ ডিচেম্বৰ মাহত তাৰিকে ঢাকালৈ উভতি আহিছিল। খালেদা জিয়াৰ অৱস্থা বেয়া হোৱাৰ পিছত ২৬ ডিচেম্বৰত তাৰিক ৰহমান ঢাকালৈ উভতি আহে। ইয়াৰ লগে লগে ১৭ মাহ কাৰাগাৰত আৰু ১৭ বছৰ লণ্ডনত কটাবলগীয়া হোৱাৰ পিছত তাৰিকে বাংলাদেশৰ ৰাজনীতিলৈ ঘূৰি আহিছিল। মাত্ৰ কেইদিনমান পিছতে ৩০ ডিচেম্বৰত খালেদা জিয়াৰ মৃত্যু হয়। ইয়াৰ দহ দিনৰ পাছত চলিত বৰ্ষৰ ৯ জানুৱাৰীত বিএনপিৰ ৰাষ্ট্ৰীয় স্থায়ী সমিতিয়ে আনুষ্ঠানিকভাৱে তাৰিকক দলৰ সভাপতি হিচাপে নিৰ্বাচিত কৰে। অৱশ্যে ২০১৮ চনত খালেদা জিয়াক দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছৰে পৰা লণ্ডনৰ পৰা ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল তাৰিক। ইয়াৰ পূৰ্বে ২০০২ চনত খালেদা জিয়াই তেওঁক দলৰ জ্যেষ্ঠ যুটীয়া মহাসচিব হিচাপে মনোনীত কৰিছিল। ইয়াৰ সাত বছৰৰ পাছত ২০০৯ চনত বিএনপিৰ পঞ্চম ৰাষ্ট্ৰীয় অধিৱেশনত তেওঁক জ্যেষ্ঠ উপ-সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল। Share this:FacebookX Related Post navigation মাজুলীৰ পৰা আত্মবিশ্বাসী ঘোষণা মুখ্যমন্ত্ৰীৰঃ জালুকবাৰীত এক লাখ ভোটত জয় নিশ্চিত মালিগাঁৱত আৰ এছ এছৰ শতবৰ্ষ উদযাপন ; হিন্দু সন্মিলন