তৃতীয়খন এদিনীয়া খেলত আফগানিস্তানে বাংলাদেশক ২০০ ৰানত পৰাস্ত কৰে। এই জয়ৰ সৈতে আফগানিস্তানে তিনিখন মেচৰ শৃংখলা ৩-০ ত জয়লাভ কৰে। খেলখনত ৫টা উইকেট দখল কৰা বিলাল ছামীয়ে খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে। ইব্ৰাহিম জাদ্ৰানক ছিৰিজৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়।মঙলবাৰে আবুধাবিত অনুষ্ঠিত তৃতীয়খন এদিনীয়া খেলত আফগানিস্তানে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ বাছি লয়। দলটোৱে ৫০ অভাৰত ৯টা উইকেট হেৰুৱাই ২৯৩ ৰান সংগ্ৰহ কৰে। ২৯৪ ৰানৰ লক্ষ্য অনুসৰণ কৰি বাংলাদেশে ২৭.১ অভাৰত ৯৩ ৰানত অল আউট হয়। প্ৰথমে বেটিং কৰিবলৈ অহা আফগানিস্তানৰ হৈ অ’পেনাৰ ইব্ৰাহিম জাদ্ৰানে সৰ্বাধিক ৯৫ ৰান সংগ্ৰহ কৰে। তেওঁৰ উপৰি মহম্মদ নবীয়ে ৩৭টা বলত ৬২ ৰান আৰু ৰহমানুল্লাহ গুৰবাজে ৪২ ৰান সংগ্ৰহ কৰে। তিনিখন মেচত ২১৩ ৰান সংগ্ৰহ কৰা জাড্ৰানে প্লেয়াৰ অৱ দ্য ছিৰিজৰ খিতাপ লাভ কৰে। বাংলাদেশৰ হৈ ছাইফ হাছানে তিনিটা উইকেট দখল কৰে। হাছান মাহমুদ আৰু তনবীৰ ইছলামে দুটাকৈ উইকেট দখল কৰে। মেহদি হাছান মিৰাজে এটা উইকেট লাভ কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে বাংলাদেশৰ বেটিং প্ৰদৰ্শন আছিল নিৰাশাজনক। তেওঁলোকৰ দহজন বেটছমেনে দুগুণ সংখ্যাত উপনীত হ’ব নোৱাৰিলে। অ’পেনাৰ ছাইফ হাছানে ৪৩ ৰান সংগ্ৰহ কৰি সৰ্বাধিক স্ক’ৰ কৰে। আফগানিস্তানৰ হৈ বিলাল ছামিয়ে ৭.১ অভাৰত ৩৩ ৰানত ৫টা উইকেট দখল কৰি প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰে। ৰছিদ খানে দুটা উইকেট দখল কৰে। Share this:FacebookX Related Post navigation ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দিল্লী টেষ্টত ৫১৮ৰানত প্ৰথম ইনিংছ ঘোষণা ভাৰতৰ ২০১০ৰ পিছত ফিফা বিশ্বকাপলৈ যোগ্যতা দক্ষিণ আফ্ৰিকাৰ