দেওবাৰে নিশা আফগানিস্তানত হোৱা ভূমিকম্পত ১৪০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ মাজতে আফগানিস্তানৰ জনসাধাৰণৰ সহায়ৰ বাবে ২১ টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে ভাৰতে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে কাবুললৈ সাহায্য সামগ্ৰী বিমানেৰে লৈ যোৱা হৈছে।বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে ভাৰতে আফগানিস্তানৰ প্ৰতিটো পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে আৰু প্ৰয়োজন হ’লে ভাৰতে সম্ভৱপৰ সকলো ধৰণৰ মানৱীয় সাহায্য আগবঢ়াবলৈ সাজু।

Leave a Reply

Your email address will not be published. Required fields are marked *