২৫ আৰু ২৬ ফেব্ৰুৱাৰীত দুদিনীয়কৈ গুৱাহাটীত অনুষ্ঠিত হ’ব এডভান্টেজ আছাম ২.০। এই বৃহৎ বিনিয়োগ মেলাত অংশ ল’বলৈ ইতিমধ্যে বহু অতিথি গুৱাহাটীত আহি উপস্থিত হৈছে। দেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী এছ জয়শংকৰৰ নেতৃত্বত ভাৰতৰ লগতে অষ্ট্ৰিয়া, ভূটান, জাপান, বাংলাদেশ, জার্মানী, জর্জিয়া, ফিনলেণ্ড, ইটালী, ইৰাক আদি কৰি প্ৰায় ৪৫খন দেশৰ ৰাষ্ট্ৰদূত, উচ্চায়ুক্ত, প্ৰতিনিধিৰ ৮১ জনীয়া দলটো গুৱাহাটীৰ পৰা দেওবাৰৰ নিশা কাজিৰঙাত উপস্থিত হয়। আনহাতে, সোমবাৰে পুৱা দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্রমণ কৰে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব লগা এই বিনিয়োগ মেলাত অংশগ্ৰহণ কৰিব ভাৰতকে ধৰি বিশ্বৰ প্ৰায় ৬০ খন দেশৰ বিনিয়োগকাৰী প্ৰতিনিধিয়ে। এই কার্যসূচীত অংশগ্রহণ কৰাৰ সমান্তৰালকৈ প্ৰতিনিধিসকলৰ বাবে ইয়াৰ পূৰ্বে বিশ্ব ঐতিহ্য ক্ষেত্র কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। সেই অনুসৰি সোমবাৰে পুৱা অতিথিসকলে কাজিৰঙা ভ্ৰমণ কৰে। Share this:FacebookX Related Post navigation কাৰ্বি যুৱ মহোৎসৱত অপ্ৰীতিকৰ ঘটনা এডভাণ্টেজ আছাম ২.০ৰ অন্তিম দিনা ১০,৭৮৫ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱত স্বাক্ষৰ