সাম্প্ৰতিক সময়ত বলীউডৰ তাৰকা অভিনেতা শ্বাহৰুখ খান, অজয় দেৱগন আৰু অক্ষয় কুমাৰৰ দৰে তাৰকাসকলে গুটখা আৰু পান মছলাৰ বিজ্ঞাপনত অংশ লৈ তীব্ৰ বিতৰ্কৰ সন্মুখীন হৈছে। ইয়াৰ মাজতে বলীউডৰ জ্যেষ্ঠ অভিনেতা সুনীল শেট্টীয়ে তেনে এক ক্ষতিকাৰক বিজ্ঞাপনৰ বাবে লাভ কৰা ৪০ কোটি টকাৰ প্ৰস্তাৱ পোনচাটেই নাকচ কৰি এক বিৰল নিদৰ্শন দাঙি ধৰিলে। অভিনেতাগৰাকীয়ে শেহতীয়া এক সাক্ষাৎকাৰত জনোৱা মতে, বিজ্ঞাপনদাতাক তেওঁ পোনপটীয়াভাৱে প্ৰশ্ন কৰিছিল যে কেৱল পইচাৰ লালসাতে তেওঁ এনে কাম কৰিব বুলি ভাবিছে নেকি। অভিনেতাগৰাকীয়ে স্পষ্টকৈ কয় যে যি কামত তেওঁৰ নিজৰ বিশ্বাস নাই, তেনে কাম তেওঁ টকাৰ বিনিময়ত কেতিয়াও নকৰে। বিশেষকৈ নিজৰ দুই সন্তান আহান আৰু আথিয়াৰ ওপৰত কিবা দাগ লাগিব পৰা কোনো কামত তেওঁ লিপ্ত হ’ব নিবিচাৰে। তেওঁ উল্লেখ কৰে যে বহুতো ১৭-১৮ বছৰীয়া কিশোৰে তেওঁক অনুসৰণ কৰে আৰু বহুত মৰম তথা সন্মান কৰে। সেই মৰ্যাদা ৰক্ষা কৰিবলৈ তেওঁ কেইকোটিমান টকাৰ বিনিময়ত নিজৰ আদৰ্শ কেতিয়াও বিসৰ্জন নিদিয়ে বুলি মন্তব্য কৰে। সুনীল শেট্টীয়ে নিজৰ কেৰিয়াৰৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়েও ব্যক্ত কৰে। তেওঁক অতি সোনকালে ‘ৱেলকাম টু দ্য জাংগল’ আৰু ‘হেৰা ফেৰী ৩’ৰ দৰে দুখন ডাঙৰ বোলছবিত দেখিবলৈ পোৱা যাব। ইয়াৰে ‘ৱেলকাম টু দ্য জাংগল’ ছবিখন অহা ২০২৬ চনত মুক্তি লাভ কৰিব বুলি জানিব পৰা গৈছে। Share this:FacebookX Related Post navigation মুখ্যমন্ত্ৰীৰ শংকৰ-আজান মন্তব্যৰ বিৰুদ্ধে সৰৱ বুদ্ধিজীৱী ড° হীৰেন গোহাঁই শোকাবহ! বছৰৰ শেষৰ ছুটীত ফুৰিবলৈ গৈ দুৰ্ঘটনাত মৃত্যু মহিলা চিকিৎসকৰ