‘বন্ধু সদায় জেপত টকা থকাৰ সময়তহে। হাতত ধন নাথাকিলে কাষত বন্ধুও নাথাকে।’- এই ভাষ্য চৰম আৰ্থিক সংকটত ভুগি থকা অভিনেতা ৰাজপাল যাদৱৰ। লক্ষ লক্ষ অনুৰাগীক অভিনয়ৰ প্ৰতিভাৰে হাঁহিৰ খোৰাক দি অহা অভিনেতাজন আজি নিজেই ভুগিবলগীয়া হৈছে চৰম আৰ্থিক সংকটত।

এক দীৰ্ঘদিনীয়া চেক বাউন্সৰ গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ স্থিতিৰ পাছতে আজি কাৰাগাৰত আত্মসমৰ্পণ কৰে জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱে। দিল্লীৰ তিহাৰ কাৰাগাৰৰ অধীক্ষকৰ ওচৰত বিয়লি প্ৰায় ৪ বজাত আত্মসমৰ্পণ কৰাৰ ঠিক পূৰ্বমুহূর্তত অভিনেতাগৰাকীয়ে নিজৰ চৰম আৰ্থিক সংকট আৰু মানসিক যন্ত্ৰণাৰ কথা মুকলিকৈ স্বীকাৰ কৰি আবেগিক হৈ পৰে। তেওঁ দুখেৰে কয় যে বৰ্তমান তেওঁ সম্পূৰ্ণৰূপে নিঃস্ব আৰু বিপদৰ সময়ত সহায় কৰিবলৈ কোনো এজন বন্ধুও কাষত থিয় হোৱা নাই, যাৰ বাবে কাৰাগাৰলৈ যোৱাটোৱেই তেওঁৰ বাবে একমাত্ৰ বিকল্প হৈ পৰিছে।

উল্লেখ্য যে, ৰাজপাল যাদৱৰ বিৰুদ্ধে থকা এই আইনী যুঁজখন প্ৰকৃততে ২০১০ চনৰে পৰা চলি আছিল। দিল্লীৰ এজন ব্যৱসায়ীৰ পৰা ‘আতা পতা লাপাতা’ নামৰ নিজৰ পৰিচালিত বোলছবিখন নিৰ্মাণ কৰিবলৈ তেওঁ ৫ কোটি টকাৰ ঋণ লৈছিল। চিনেমাখন ২০১২ চনত মুক্তি লাভ কৰিছিল যদিও অভিনেতাগৰাকীয়ে সেই ঋণ পৰিশোধ কৰাত বিফল হয়। যাৰ পৰিণতিত ২০১৮ চনত তেওঁৰ আৰু তেওঁৰ পত্নী ৰাধা যাদৱৰ বিৰুদ্ধে চেক বাউন্সৰ গোচৰ ৰুজু কৰা হৈছিল।

দিল্লী উচ্চ ন্যায়ালয়ে ইয়াৰ পূৰ্বে তেওঁক ঋণ পৰিশোধৰ বাবে কেইবাবাৰো সময় দিছিল যদিও নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ধন যোগাৰ কৰিব নোৱাৰাত ন্যায়ালয়ে আজি তেওঁৰ সকলো আবেদন নাকচ কৰে। আদালতে স্পষ্টকৈ কয় যে “আইনৰ চকুত সকলো সমান”, আৰু এজন ব্যক্তিৰ পেছাগত পৰিচয় বা তেওঁ কোনো বিশেষ উদ্যোগৰ সৈতে জড়িত হোৱাটোৱে তেওঁক বিশেষ ৰেহাই পোৱাৰ ভিত্তি হ’ব নোৱাৰে।

কাৰাগাৰলৈ যোৱাৰ আগমুহূৰ্তত সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত যাদৱে কয়, “মই এতিয়া কি কৰিম? মোৰ ওচৰত দিবলৈ এটকাও নাই। মই ইয়াৰ পৰা ওলোৱাৰ আন কোনো পথ দেখা নাই।” যেতিয়া তেওঁক সোধা হৈছিল যে তেওঁৰ পুৰণি বন্ধু বা পৰিচালক প্ৰিয়দৰ্শনৰ দৰে ব্যক্তিয়ে তেওঁক সহায় কৰা নাই নেকি, তেতিয়া তেওঁ অতি মৰ্মাহত হৈ কয়, “ইয়াত আমি সকলো অকলশৰীয়া। কোনো বন্ধু নাই। এই সংকটৰ মুখামুখি মই অকলেই হ’ব লাগিব।” তেওঁৰ এই মন্তব্যই বলীউডৰ গ্লেমাৰ জগতখনৰ আঁৰৰ এখন কদৰ্য ছবি পুনৰ উদঙাই দিছে।

ইফালে, ৫৪ বছৰীয়া অভিনেতাগৰাকীৰ এই দুৰ্দিনৰ সময়ত একমাত্ৰ অভিনেতা চনু সুদ তেওঁৰ সমৰ্থনত থিয় দিছে। চনু সুদে চ’চিয়েল মিডিয়াযোগে বলীউডৰ সকলো প্ৰযোজক আৰু পৰিচালকক ৰাজপাল যাদৱৰ প্ৰতি মানৱীয়তা দেখুৱাবলৈ আহ্বান জনায়। তেওঁ কয় যে ৰাজপালে বছৰ বছৰ ধৰি আমাক হঁহুৱাই আহিছে আৰু এতিয়া আমাৰ কৰ্তব্য তেওঁক সহায় কৰা। তেওঁৰ বাবে কোনো দান বা ভিক্ষা নহয়, বৰঞ্চ কামৰ আগতীয়া ধন দি তেওঁক মৰ্যাদাৰে জীয়াই থকাৰ সুযোগ দিব লাগে বুলিও সুদে উল্লেখ কৰে।

উল্লেখ্য যে, ৰাজপাল যাদৱক আগন্তুক সময়ত ‘ভূত বাংলা’ আৰু ‘ৱেলকাম টু দ্য জাংগল’ৰ দৰে বৃহৎ বাজেটৰ ছবিত দেখা যাব যদিও বৰ্তমান তেওঁৰ এই কাৰাবাসে অনুৰাগীসকলৰ মাজত গভীৰ শোকৰ ছাঁ পেলাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *