প্ৰসিদ্ধ ডিজাইনাৰ অভিনৱ মিশ্ৰই দিল্লীৰ ছটৰপুৰ গাৰ্ডেনত এক দৰ্শনীয় অপেন এয়াৰ ৰানৱে প্ৰদৰ্শনীত নিজৰ বহু প্ৰত্যাশিত কাপোৰৰ সংগ্ৰহ ‘দ্য শ্ৰাইন’ মুকলি কৰিছে। এই অনুষ্ঠানটো এক বিশেষ অনুষ্ঠান হিচাপে চিহ্নিত হৈছিল, কিয়নো প্ৰথমবাৰৰ বাবে ভাতৃ-ভগ্নী ছাৰা আৰু ইব্ৰাহিম আলী খানে একেলগে ৰানৱেত খোজ থৈছিল, য’ত ছাৰাই শ্ব’ষ্টপাৰ হিচাপে পুনৰ অংশগ্ৰহণ কৰিছিল। মিশ্ৰৰ ধাৰণা আৰু ৰাণী পিংকৰ ছেট ডিজাইনেৰে জীৱন্ত কৰি তোলা নিমজ্জিত শ্ব’টোৱে হাজাৰ হাজাৰ মমবাতি আৰু উজ্জীৱিত পোহৰেৰে আলোকিত এক স্থাপত্যৰ সোপান ন ৰূপত সৃষ্টি কৰে, যিয়ে পৰম্পৰাক আধুনিক দৃশ্যৰ সৈতে মিশ্ৰণ ঘটাই অনন্য ৰূপত অনুৰণিত কৰি তোলা হয়। ভাৰতৰ শক্তিস্থল, প্ৰসাদ আৰু ভিত্তিচিত্ৰ(ফ্ৰেস্কো)ৰ দেৱালৰ দ্বাৰা অনুপ্ৰাণিত এই সংগ্ৰহে মিশ্ৰৰ স্বাক্ষৰযুক্ত মিৰৰ ৱৰ্ক(দাপোণ খচিত বস্ত্ৰ) আৰু গ’টা এম্ব্ৰইডাৰীৰ লগতে অৰ্গেঞ্জা, চিফন, ৰেচম আৰু জৰ্জেটৰ সমসাময়িক চিলোৱাটৰ ওপৰত আলোকপাত কৰিছিল।  তিনিটা কেন্দ্ৰীয় বিষয়বস্তু-এনচেণ্টিং ব্লুমছ, ৱাটাৰকালাৰ আৰ্টিষ্ট্ৰী আৰু ডেলিকেট হাৰমনি-এ আকৰ্ষণীয় পেষ্টেল আৰু নিঃশব্দ স্বৰ(মিউট টোন)ৰ ৰঙৰ পেলেটৰ ওপৰত বিশেষভাৱে মনোনিৱেশ কৰিছে, আনহাতে বহুৰূপী অলংকৰণে ব্ৰাইডেল লেহেংগা, অনাৰকলি আৰু পুৰুষৰ পোচাকত গভীৰতা আৰু উজ্জ্বলতা যোগ কৰিছে।

গুৱাহাটীৰ বিলাসী ফেশ্বন ছেগমেণ্টে এই শুভাৰম্ভণিক ইতিবাচক ৰূপত আদৰণি জনাইছে, বুটিকৰ গৰাকীসকলে ভাৰতীয় কাৰুকাৰ্যৰে অনুপ্ৰাণিত হাই-এণ্ড ক্যুট্যুৰৰ প্ৰতি ক্ৰমাৎ বৰ্ধিত জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখিছে। খুচুৰা বিক্ৰেতাসকলে মিৰ’ৰ-ৱৰ্ক এনচেম্বলৰ বাবে আগতীয়াকৈ অন্বেষণ-চৰ্চাৰ কথা সদৰি কৰিছে, যিয়ে মহানগৰখনৰ বাহিৰে আন স্থানলৈও আগ্ৰহ সম্প্ৰসাৰিত হোৱাৰ ইংগিত বহন কৰিছে।

অনুষ্ঠানত ভাষণ দি মিশ্ৰই এই সংগ্ৰহক “ইতিহাসৰ এক শান্ত উদযাপন, কোমলতা, উজ্জ্বলতা আৰু আত্মাৰ ভাষাত পুনৰ বৰ্ণনা কৰা” বুলি বৰ্ণনা কৰিছিল। এই প্ৰদৰ্শনী জনী ৱাকাৰ লাক্স, এমাৰ্লড জুৱেলছ আৰু বিডিচিৰ প্ৰসাধন সামগ্ৰীকে ধৰি অংশীদাৰসকলে উন্নীত কৰিছিল, যিয়ে নিজৰ আড়ম্বৰ আৰু ভৱিষ্যতৰ আভাক আৰু অধিক অনন্য কৰি তুলিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *