এটা ব্যক্তিগত পিষ্টলৰ অসাৱধান ব্যৱহাৰে আহমেদাবাদৰ এটা সম্ভ্ৰান্ত পৰিয়াললৈ মুহূৰ্ততে কঢ়িয়াই আনিলে চৰম শোকাবহ পৰিণতি। নিজৰ ব্যক্তিগত আগ্নেয়াস্ত্ৰ পৰীক্ষা কৰি থকাৰ সময়তে নিৰ্গত হোৱা এটা গুলীয়ে প্ৰাণ কাঢ়ে এগৰাকী নৱবিবাহিতাৰ, যাৰ পাছতে অনুশোচনাত দগ্ধ হৈ স্বামীয়েও গ্ৰহণ কৰে চৰম সিদ্ধান্ত। আৰক্ষীৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, এই চাঞ্চল্যৰ ঘটনাটো সংঘটিত হয় আহমেদাবাদৰ বোডকদেৱ অঞ্চলৰ এন আৰ আই টাৱাৰত। কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ শক্তি সিং গোহিলৰ ভতিজা তথা চৰকাৰী বিষয়া যশৰাজ সিং গোহিলে নিজৰ পত্নী ৰাজেশ্বৰীক গুলীয়াই হত্যা কৰি পাছত নিজেও আত্মহত্যা কৰে। মাত্ৰ দুমাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা এই দম্পতীটোৱে অনাগত দিনত বিদেশ ভ্ৰমণৰ বাবে যাৱতীয় পৰিকল্পনাও কৰিছিল। গুজৰাট আৰক্ষীয়ে জনোৱা মতে, যশৰাজ সিঙে নিজৰ ৰিভলভাৰটো চলাই থকাৰ সময়তে হঠাতে গুলী ওলাই পত্নীৰ ডিঙিত লাগে। লগে লগে পত্নীৰ থিতাতে মৃত্যু ঘটে আৰু বিয়াকুল হৈ যশৰাজে নিজেই ১০৮ এম্বুলেন্স সেৱাক খবৰ দিয়ে। কিন্তু চিকিৎসকে পত্নীক মৃত ঘোষণা কৰাৰ পাছতে, সেই শোক সহ্য কৰিব নোৱাৰি যশৰাজে নিজৰ কোঠাত সোমাই মূৰত গুলীয়াই আত্মহননৰ পথ বাছি লয়। ঘটনাৰ সময়ত যশৰাজৰ মাতৃ ফ্লেটটোৰ অন্য এটা কোঠাত উপস্থিত আছিল। উল্লেখ্য যে, যশৰাজ সিং গুজৰাট মেৰিটাহিম বৰ্ডৰ এজন প্ৰথম শ্ৰেণীৰ বিষয়া হিচাপে কৰ্মৰত আছিল। বৰ্তমান আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখে আৰু ফ্লেটটো সম্পূৰ্ণৰূপে ছীল কৰিছে। Share this:FacebookX Related Post navigation জম্মু-কাশ্মীৰত ভয়ংকৰ দুৰ্ঘটনাঃ ২০০ ফুট দ খাৱৈত সেনাৰ বাহন বাগৰি শ্বহীদ ১০ জোৱান ভাওনাক বিশ্ববিখ্যাত কৰিবলৈ চৰকাৰক মাজুলীত ছাত্ৰ সন্থাৰ কটাক্ষ