দক্ষিণ স্পেইনত শোকাৱহ ৰে’ল দুৰ্ঘটনা । লাইনচ্যুত হৈ এখন দ্ৰুতবেগী ৰে’লে খুন্দা মাৰে বিপৰীত দিশৰ পৰা আহি থকা ৰে’লত । ফলত প্ৰায় ৩৯ গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে বহু যাত্ৰী আহত হয় । দেশখনৰ পৰিবহণ মন্ত্ৰীয়ে এই কথা অৱগত কৰিছে । তেওঁ জনোৱা মতে দেওবাৰে দক্ষিণ স্পেইনৰ মালাগা আৰু মাদ্ৰিদৰ মাজত সংঘটিত হৈছে এই দুৰ্ঘটনা । প্ৰায় ৩০০ যাত্ৰীৰ সৈতে থকা দ্ৰুতবেগী ৰে’লখন কৰ্ডোবাৰ ওচৰত সন্ধিয়া প্ৰায় ৭:৪৫ বজাত দুৰ্ঘটনাত পতিত হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *