নগাঁও জিলাৰ কামপুৰত যোৱা মাজনিশা সংঘটিত ভয়ংকৰ পথ দুঘটনাই ৰাজ্যজুৰি এক শোকাৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই ভয়ংকৰ দুৰ্ঘটনাত দ্ৰুতবেগী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত শোকাৱহভাৱে মৃত্যু ঘটে ৭টাকৈ বন্য হস্তীয়ে। আনহাতে গুৰুতৰভাৱে আহত হয় আন এটা হাতী।এই ভয়ংকৰ দুৰ্ঘটনাত ৰাজধানী এক্সপ্ৰেছৰ ৫টা ডবা ৰে’ল লাইনৰ পৰা নামি যায়। ইফালে এই দুৰ্ঘটনাৰ পিছত উজনি-নামনিৰ কেইবাখনো ৰে’ল বিভিন্ন ষ্টেচনত আৱদ্ধ হৈ পৰে। আনহাতে দুৰ্ঘটনাৰ বাবে ৬খন ৰে’লৰ চলাচলো বাতিল কৰা হৈছে। চাওক বাতিল হোৱা ৰে’লৰ তালিকা।আনহাতে দুৰ্ঘটনাৰ বাবে ৬খন ৰে’লৰ চলাচলো বাতিল কৰা হৈছে। কৰ্তৃপক্ষই সদৰী কৰা তথ্য অনুসৰি দুৰ্ঘটনাৰ পিছত ৰঙিয়া-নিউ তিনিচুকীয়া এক্সপ্ৰেছ, গুৱাহাটী-যোৰহাট টাউন সংযোগী জনশতাব্দী এক্সপ্ৰেছ বাতিল কৰা হৈছে।

গুৱাহাটী-বদৰপুৰ সংযোগী ভিষ্টাডম এক্সপ্ৰেছো বাতিল কৰা হৈছে। একেদৰে বাতিল কৰা হৈছে নিউ তিনিচুকীয়া-ৰঙিয়া এক্সপ্ৰেছ, মৰিয়নি-গুৱাহাটী এক্সপ্ৰেছ, লামডিং-গুৱাহাটী পেছেঞ্জাৰ ৰে’লৰ যাত্ৰাও। এনে অৱস্থাত যাত্ৰীসকলে স্বাভাৱিকতেই কিছু সমস্যাৰ সন্মুখীন হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *